ফটাশিল আমবাৰীত নিৰ্বাচনী সজাগতা সভা

ফটাশিল আমবাৰীত নিৰ্বাচনী সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম গণ পৰিষদৰ ১২ নং ৱাৰ্ডৰ নিৰ্বাচনী সমিতিৰ উদ্যোগত  কল্যাণ নগৰ কালীমন্দিৰ প্ৰাংগণত এখন নিৰ্বাচনী সজাগতা সভা অনুষ্ঠিত হয়।সভাপতি পৰেশ ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদ্বয় উজ্জ্বল কলিতা,মুকুট কলিতা,হেমেন ডেকা,অজিত ৰাজবংশী,যোগেন কুমাৰ,নগেন বৰ্মন,কামাৰুল জামান,মনোজ তালুকদাৰে ভাষণ দিয়ে৷ আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সভাত আলোচনা কৰা হয়।১২ নং ৱাৰ্ডটো  যদিবা মিত্ৰ দলৰ লগত আসনৰ বুজাবুজিৰ চুক্তি হয় তেতিয়া হ’লে এই ৱাৰ্ড অসম গণ পৰিষদৰ ভিতৰত ৰখাৰ বাবে বিধায়কক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখ্য, এই ১২ নং ৱাৰ্ডটো অসম গণ পৰিষদৰ দুৰ্গম ৱাৰ্ড বুলি চিহ্নিত হৈ আছে।