ফটাশিলত বন বিভাগৰ উচ্ছেদ অভিযান

pc- ETV Bharat

ফটাশিলত বন বিভাগৰ উচ্ছেদ অভিযান

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো বন সংমণ্ডল প্রাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত বনাঞ্চলত বনভূমি বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ আধাৰত পূব কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই সংমণ্ডলৰ পাঁচোটা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিষয়াসকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত গুৱাহাটী বনাঞ্চলৰ অধীনৰ ফটাশিল খণ্ড বন বিষয়া কার্যালয়ে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ নতুনবস্তিত নতুনকৈ বেদখল কৰি নিৰ্মাণ কৰা ছটা ঘৰ উচ্ছেদ কৰে।খণ্ড বিষয়া প্রাণেশ্বৰ শৰ্মাৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দলটোৱে দুদিনমান পূৰ্বে নিৰ্মাণ কৰা তৰ্জাৰ ছটা ভাঙি পেলোৱাৰ লগতে ভৱিষ্যতে যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে।

 

(RT)