পৰ্টেলৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা

Pc Scroll.in

পৰ্টেলৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপ গৰৈমাৰীৰ “পি এন এল” ৰ সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ হত্যাকাৰীক অচিৰেই গ্ৰেপ্তাৰ কৰি যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে “বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম” চমুকৈ “বহুবাক” এ । এক প্ৰেছ বিজ্ঞপ্তিত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “বৰ্তমান সময় বৰ দু:সময় । মানুহে মানুহক ভালপোৱা, স্নেহ কমি গৈছে। মানুহে মানুহক হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰা হৈছে । পৰুৱাৰ দৰে মানুহক হত্যা কৰা হৈছে । পৰিৱেশ বৰ ধূষৰ । আব্দুৰ ৰৌফ আলমগীৰৰ দৰে সংবাদকৰ্মী এজনোকো হত্যা কৰি নৈত পেলাই দিয়াটো বৰ পৰিতাপৰ বিষয় । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতৰ প্ৰতি চৰম ধুমুহা আহিছে । ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কঠোৰ প্ৰদক্ষেপ ল’ব লাগিব । অচিৰেই সাংবাদিক আলমগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি যথোপযুক্ত শাস্তি বিহিব লাগিব ।” সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ হত্যাকাৰীক অচিৰেই গ্ৰেপ্তাৰ কৰি যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং”, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে । প্ৰতি দল-সংগঠনে একেমুখে কয় যে বৰ্তমান সময়ত সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈ আহিছে । এই ক্ষেত্ৰত চৰকাৰে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে।