পৰী – শৈলেন কুমাৰ

পৰী
( মৰমৰ বান্ধৱী ৺ মানসী বৰুৱাৰ স্মৃতিত একক শ্ৰদ্ধাঞ্জলি )

শৈলেন কুমাৰ
মিৰ্জা ( দক্ষিণ কামৰূপ )

তুমি সঁচাকৈ সৰগৰ পৰী
নিৰৱতা আৰু মানৱতা তোমাৰ শৈলী,
এই ধৰাত তুমি জেউতি হৈ আহিছিলা
নিস্বাৰ্থ তুমি কেৱল নিজক জ্বলাই
এই জগতত সুগন্ধ – সুবাস বিলাই দিলা ৷

নিষ্ঠুৰ সমাজে নুবুজিলে তোমাৰ মোল
পাপীবোৰৰ মাজত আজি তুমি লাঞ্ছিত,
তথাপিও নাই তোমাৰ অভিযোগ কিঞ্চিত
জীৱনত পোৱা দুখকষ্ট বেদনাৰ
তোমাৰ হাঁহিটো সমল হৈ ৰৱ
বিষাদৰ আৰ্তনাদৰ মাজত
বিলোৱাই যোৱা তোমাৰ মৰমবোৰ আকাশত সাক্ষীস্বৰূপ নক্ষত্ৰ হ’ব ৷

অকালতে মৰহিযোৱা ফুলপাহে আজি বিদায়ৰ বিয়নী বেলাত,
নিষ্ঠুৰতাৰ হেঙাৰ ভাঙি কেৱল ৰঙীন প্ৰভাতৰ জননী
কাতৰে মাতিছোঁ তোমাক
ক’ত হেৰাই গ’লা তুমি,তুমি সঁচাকৈ আছিলা জানো সৰগৰ পৰী ৷

নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস
আঁতৰি গ’লা যদিও তুমি
ইয়াতেই শেষ নহয় তোমাৰ কাহিনী
তুমি সাক্ষী হৈ চিৰজীৱন আমাৰ মাজতে আছা,
তুমিয়েই সঁচাকৈ সৰগৰ পৰী ৷