পৰীক্ষাত অনুত্তীৰ্ণসকলক হতাশ নহৈ পুনৰ চেষ্টা কৰিবলৈ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শ

pc Twitter

পৰীক্ষাত অনুত্তীৰ্ণসকলক হতাশ নহৈ পুনৰ চেষ্টা কৰিবলৈ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শ

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলোলৈকে শুভেচ্ছা দিয়াৰ লগতে উত্তীৰ্ণ নোহোৱাসকলক পুনৰ চেষ্টা কৰিব লাগিব বুলি মন্তব্য কৰে।ফলাফল ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুয়ে কয় যে,” চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰৰ সংখ্যাটো কমিছে।ইয়াৰ বাবে আমি অধ্যয়ন কৰিব লাগিব।ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ ফলাফল কিছু ভাল।চৰকাৰী বিদ্যালয়ত শিক্ষক, আন্তঃগাঁথনিৰ কিছু গেপ আছে।ইয়াক দূৰ কৰাৰ বাবে চিন্তা কৰা হৈছে।উত্তীৰ্ণৰ হাৰ এইবাৰ কম হোৱাটো অৱধাৰিত।কিয়নো ক’ভিডৰ প্রভাৱ শিক্ষাৰ ওপৰত পৰিছে।”চিৰাং,কাছাৰ,কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফলটো বেয়া হোৱাৰ লগতে চাহ বাগান অঞ্চল সমূহতো শিক্ষা বহু পিছ পৰি আছে।হাইস্কুল শিক্ষান্ত পৰীক্ষা এনেদৰে অনুষ্ঠিত হৈ থাকিব আৰু ১০ টা স্থানও থাকিব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।আনহাতে হাইমাদ্ৰাছা পৰীক্ষাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, হাইমাদ্ৰাছাৰ এইটো শেষ পৰীক্ষা।আজি ফলাফল ভাল কৰি ডাক্তৰ ইঞ্জিনিয়াৰ হ’ব বিচৰাসকলৰ বাবে ভাল কথা।