পৰিৱৰ্তনশীল চৰকাৰৰ পৰা অন্য এক পৰিৱৰ্তন বিচাৰো-পিংকু ডেকা

Pc- ZeeVector
পৰিৱৰ্তনশীল চৰকাৰৰ পৰা অন্য এক পৰিৱৰ্তন বিচাৰো
মাননীয় মুখ্য মন্ত্ৰী মহোদয়,আপোনাৰ ওচৰত  প্ৰত্যক্ষ ভাৱে গৈ আমাৰ একাংশ নিবনুৱাৰ সমস্যা তথা অভাৱ অভিযোগৰ বিষয়ে কিছু কথা কবলগীয়া আছিল। কিন্তু আমি বহু চেষ্টা কৰিও আপোনাৰ সন্মুখত গৈ  প্ৰত্যক্ষ ভাৱে আমাৰ সেই মনৰ কথাখিনি কবলৈ সক্ষম নহলো। সেই গতিকে গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ যোগেদি আমাৰ কথাখিনি আপোনাৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। বৰ্তমানৰ মুখ্য মন্ত্ৰী  মহোদয়ক আমি ইতিমধ্যে পৰিৱৰ্তনশীল মনৰ উচ্চ বৌদ্ধিক সম্পন্ন এজন ব্যক্তি ৰূপে গণ্য কৰি আহিছো । কিয়নো তেখেতৰ মন্ত্ৰীত্বৰ কালতে অসমত প্ৰথম বাৰৰ বাবে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসমত TET পৰীক্ষা অনুষ্ঠিত কৰি  শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিলে । আকৌ তেখেতৰ কায্যকালতেই প্ৰথম বাৰৰ বাবে অসমৰ হাইস্কুল সমূহত কম্পিউটাৰ প্ৰদান কৰি কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা প্ৰদান কৰিলে। এয়া মাত্ৰ সাধাৰণ ভাবে আমাৰ চকুত ধৰা দিয়া একো একোটা   ৰাজ্যৰ উন্নতিৰ খাতিৰত প্ৰয়োজনীয় পৰিবৰ্তন। যাৰ জৰিয়তে বর্তমান মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিৱৰ্তনশীল গতিৰ একো একোটা ভাবধাৰাৰ উমান পোৱা যায়। যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ হাতত তাহানিতে শিক্ষা বিভাগটো আছিল তেতিয়া ৰাজ্যৰ শিক্ষা খণ্ডত এক আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিল। আকৌ বৰ্তমান সময়ত মুখ্য মন্ত্ৰী মহোদয়ৰ হাতত  ৰাজ্যৰ গৃহ বিভাগৰ সম্পূৰ্ণ দায়িত্ব ন্যস্ত আছে। এই গৃহ বিভাগৰেই  অসম পুলিচত এতিয়া  কিন্তু কিছু কিছু পৰিবৰ্তনৰ হয়তো অতিকে প্ৰয়োজন। যত নেকি অসম পুলিচত তাহানিতে প্ৰয়োগ কৰি থোৱা কিছু ৰীতি -নীতিৰ ওপৰত ভিত্তি কৰিয়েই আজিও এই বিভাগটো চলি আছে। এই পুৰণা ৰীতি নীতি সমূহৰ বাবেই হয়তো আমাৰ নিচিনা হাজাৰ হাজাৰ নিবনুৱাৰ বুকুৰ বেদনা বুকুত লৈ জীয়াই জীয়াই জ্বলাই মাৰিছে । যাৰ বাবেই বহু সময়ত ৰাজ্যৰ বহু ডেকা যুৱক যুৱতীয়ে সন্ত্ৰাসবাদীৰ দৰে গোটত যোগদান কৰা বাতৰিয়েও সংবাদ মাধ্যমৰ শিৰোনমা দখল কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী মহোদয়ক আমি চকুত পেলাই দিব বিচাৰিছো যে অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তিৰ ক্ষেত্ৰত চলি থকা নিম্ন পয্যায়ৰ সেই বয়সৰ সময় সীমাটোৰ বিষয়ে।  যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত সেই এছ আই পদৰ আবেদনৰ বাবে সাধাৰণ শ্ৰেণীৰ বয়সৰ অন্তিম সময় সীমা প্ৰায় ৩০ বছৰ সেই একেই সময়তে অকল অসমৰ ক্ষেত্ৰতহে এই এছ আই পদৰ আবেদনৰ বাবে সাধৰণ শ্ৰেণীৰ বয়সৰ সময় সীমা ৰাখিছে মাত্ৰ ২৪(24) বছৰ। আকৌ এই পদৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ সৰ্বনিম্ন স্নাতক ডিগ্ৰী থকাটো বাধ্যতামূলক। কিন্তু প্ৰকৃততে এজন প্ৰাৰ্থীয়ে ২২ বা ২৩ বছৰ বয়সতহে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাহিৰেও বিভিন্ন সময়ত বিভিন্ন কাৰণত এনেকুৱা এটা পদত আৱেদন পৰা নিযুক্তি হোৱাৰ সময়লৈ অতি কমেও ২-৩ বছৰ সময় গুচি যায়। তেনে ক্ষেত্ৰত বহু ডেকা যুৱক যুৱতীয়ে অসম আৰক্ষীৰ এই মহান এছ আই হোৱাৰ সপোন দেখিও অকল সেই নিম্ন মানৰ বয়সৰ তাৰতম্যৰ বাবেই বুকুৰ সপোন বুকুত বান্ধি বিষাদত ভাগি পৰি বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰ দৰে গোটত অংশ গ্ৰহণ কৰাৰ বাতৰি প্ৰকাশ পাই আহিছে। আকৌ এই বিভাগৰেই কণিষ্ঠ সহায়ক পদৰ নিযুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ব্য়সৰ  অন্তিম সময়সীমা ৰাখিছে ২৫ বছৰ আৰু শিক্ষাগত অৰ্হতা ৰাখিছে হাই চেকেণ্ডাৰী (HS) পাছ। কিন্তু এছ আই পদৰ বাবে অৰ্হতা ৰখা হৈছে নিম্নতম স্নাতক ডিগ্ৰী কিন্তু বয়স আকৌ কণিষ্ঠ সহায়ক পদৰ বাবে প্ৰয়োজনীয় বয়সতকৈ কম মানে ২৪(24) বছৰ। ওপৰৰ কথাখিনিৰ যদি ভালদৰে উনুকিয়াই চোৱা হয় দেখা যায় যে এই এছ আই পদৰ বাবে প্ৰাৰ্থীৰ ব্য়স লাগে কম কিন্তু শিক্ষাগত অৰ্হতা লাগে বেছি। আকৌ কণিষ্ঠ সহায়ক পদৰ বাবে অৰ্হতা লাগে কম কিন্তু বয়স দিছে বেছি। এই গোটেই প্ৰক্রিয়াটোৱেই এটা দোধোৰ মোধোৰ অৱস্থাত আছে। আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ৰখা ব্যৱস্থাটো ঠিকেই আছে কিন্তু প্ৰাৰ্থীৰ আবেদনৰ ব্য়সৰ সময় সীমাৰ ক্ষেত্ৰত ৰখা ব্যৱস্থাটো কেতিয়াও মানি লব পৰা বিধৰ নহয়। কিয়নো এটা গ্ৰেজুয়েট পদৰ বাবে ব্য়সৰ অন্তিম সীমা ২৪(24) বছৰ কেতিয়াও কাম্য নহয়। বেলেগ ৰাজ্যৰ ক্ষেত্ৰত যদি এই পদৰ বয়সৰ সময় সীমা ৩০ বছৰ তেনেহলে আমাৰ ৰাজ্যৰ ক্ষেত্ৰত কিয় মাত্ৰ ২৪ (24) বছৰ?ইয়াৰ কাৰণ স্বৰূপে কব পাৰি  অসম পুলিচত নিযুক্তিৰ ক্ষেত্ৰত এতিয়াও সেই তাহানিৰ ৰীতি নীতি সমূহেই এতিয়াও ব্যৱহাৰ কৰি আহিছে। গতিকে এই ৰীতি নীতি সমূহ কিছু সলনি কৰি আগন্তুক সময়ত ওলাব লগীয়া পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়সৰ সময় সীমাৰ ক্ষেত্রত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি  অন্য ৰাজ্যৰ সদৃশ কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা নিশ্চিত ভাবে আছে। বিশেষকৈ এছ আই পদৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ তাৰতম্য ঘটোৱাটো নিতান্তই প্ৰয়োজন। পৰিৱৰ্তনগামী চৰকাৰৰ পৰিৱৰ্তনশীল মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত পূৰ্ণপয্যায়ৰে এই গোটেই বিষয়টো হস্তক্ষেপ কৰি কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰি পৰিবৰ্তনৰ অন্য এটা মাত্ৰা প্ৰদান কৰিব বুলি আশা ৰাখিলো।
পিংকু ডেকা,
ওদালগুৰি (ভেৰগাঁও)