পৰিবহনৰ ‘ই ট্ৰেন্স ২২’ শীর্ষক কর্মশালা

Pc Twitter

পৰিবহনৰ ‘ই ট্ৰেন্স ২২’ শীর্ষক কর্মশালা

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ‘ই ট্ৰেনছ ২২’শীৰ্ষক কৰ্মশালাখন হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত হৈছে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি পৰিবহন, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে অকল পৰিবহন বিভাগতেই নহয় সকলো বিভাগতেই যোগাযোগ সম্পর্কহীন সেৱা হ’ব লাগে। ৰাজ্য চৰকাৰে ইতিমধ্যে সচিবালয়ৰ সকলো বিভাগতে কাগজবিহীন সেৱা আৰম্ভ কৰিছে। ইয়াৰ ফলত সকলো কাম স্বচ্ছ আৰু নিকা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চালকৰ অনুজ্ঞাপত্ৰ আৰু যান-বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ পৰিবহন বিভাগৰ অনুজ্ঞাপত্ৰ আৰু অন্যান্য ৪৫ টা সেৱা সম্পূৰ্ণৰূপে অনলাইন কৰা হৈছে আৰু আধাৰিত প্রমানিকৰণৰ জৰিয়তে সম্পূৰ্ণৰূপে যোগাযোগ সম্পর্কহীন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰৰ শলাগ লয়। এই অনুষ্ঠানত পশ্চিমবংগৰ প্ৰধান সচিব বিনোদ কুমাৰ, অসমৰ পৰিবহন বিভাগৰ আয়ুক্ত সচিব আদিল খান, MoRTH ৰ সঞ্চালক পীযূষ জৈন, ই ট্ৰেন্সপোর্টৰ DDG আৰু HOG পৱন যোশী, সুচিত্রা প্যাৰেলাল SIO অসম, ই ট্ৰেন্সপোর্ট DDG আৰু HOD জয়দীপ সোম প্ৰমুখ্য ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰ, পৰিবহন, আৰক্ষী আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।