পৰিবহণ বিভাগৰ অপাৰেচন ছাৰখাৰ

পৰিবহণ বিভাগৰ অপাৰেচন ছাৰখাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন আগশাৰীৰ উন্নয়নশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন ৰাজহ সংগ্ৰহকাৰী বিভাগসমূহলৈ সময়মতে কৰ কাটল আদায়ৰ বাবে জনোৱা আহ্বান আৰু এইক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভাগক দিয়া নিৰ্দেশনাত পৰিবহণ বিভাগে ৰাজ্যৰ ৰাজকোষলৈ ৰাজহ আগবঢ়োৱাৰ লক্ষ্যৰে যৎপৰোনাস্তি পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰে অংশ হিচাপে এতিয়াও কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা যানবাহনৰ বিৰুদ্ধে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত বিভাগৰ এটা দলে মহানগৰীৰ এবিচিত “অপাৰেচন ছাৰখাৰ” শীৰ্ষক এক বিশেষ অভিযান আৰম্ভ কৰে৷অভিযানৰ সময়ত পৰিবহণ বিষয়া দাসে কয় যে, পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যোৱাৰ পিছতো এতিয়াও বহুতেই কৰ আদায় নিদিয়াকৈ বিনাদ্বিধাই গাড়ী চলাই আছে৷গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়ীক যানবাহনে ১০০কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰনে সকলো সা সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়ীক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে৷উল্লেখ্য যে এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব৷প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী৷