পৰিপূৰক- অঞ্জুমণি শইকীয়া

(অণুগল্প)

পৰিপূৰক

        থৰকবৰক খোজেৰে নামঘৰলৈ যাওঁতে মানুহৰ জুমটো দেখি এখন হাত কঁকালত , আনখনে লাখুটিডালত ভৰ দি ৰৈ দিলে ৷

“হঞে , কি হৈছে অ’ বোপাই ? ”

” মিটিং , আইতা ৷ ”

“বুজাই কচোন ! ”

“পোনাৰাম দাইটিৰ ছোৱালীজনী শহুৰেকৰ ঘৰৰ পৰা একেবাৰে গুচি আহিল —– ৷ ”

পুনৰ খোজ দিলে ৷ বোৱাৰীৰ দিনবোৰলৈ মনটো উৰা মাৰিল ৷

” এৰা , মানুহবোৰৰ শিক্ষা কম আছিল ৷ কিন্তু , বুজাপৰা ৰ মাজত সম্পৰ্কবোৰ জীয়াই আছিল ——— !”

– অঞ্জুমণি শইকীয়া ৷

যোৰহাট , মালৌ আলি ( তিনি আলি ) ৷