পৰমানন্দ দলেৰ মৃত্যুত শোক

Pc Time8 assam news

পৰমানন্দ দলেৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম কাৰ্যকৰ্তা তথা মিছিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপ মূৰব্বী পৰমানন্দ দলেৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। এক শোক বাৰ্তাত কলিতাই কয় যে ঢকুৱাখনা জিলাৰ অন্যতম আদৰ্শবান ব্যক্তি তথা সমাজকৰ্মী পৰমানন্দ দলেৰ বিয়োগে মিছিং সম্প্ৰদায়ৰ প্ৰতি এক গভীৰ শূণ্যতা কঢ়িয়াই আনিব। মিছিং জনগোষ্ঠীৰ সামাজিক উত্তৰণৰ ক্ষেত্ৰত প্ৰয়াত দলেৰ ভূমিকা উল্লেখনীয়। এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত দলেৰ মৃত্যু ঢকুৱাখনাবাসীৰ বাবে অতিকৈ দু:খবৰ৷উল্লেযোগ্য যে প্ৰয়াত পৰমানন্দ দলে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতিৰ লগতে অসম গণ পৰিষদ,ঢকুৱাখনা জিলাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জ্যেষ্ঠ পুত্ৰ নৱ কুমাৰ দলে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ সভাপতিৰ লগতে ঢকুৱাখনা সমষ্টিৰ বিধায়ক।