প্ৰেৰণাৰ স্মৃতিগ্ৰস্থ ‘প্রতিধ্বনি’ উন্মোচন

প্ৰেৰণাৰ স্মৃতিগ্ৰস্থ ‘প্রতিধ্বনি’ উন্মোচন

দিছপুৰ ৫ছেপ্টেম্বৰঃ আই এ এছ অফিচাৰ্ছ ওৱাইভছ এচ’ছিয়েছন ‘প্ৰেৰণা’ৰ স্মৃতিগ্ৰন্থ ‘প্রতিধ্বনি’ যোৱা ৪ ছেপ্টেম্বৰত খানাপাৰাৰ চি এছ অ’ আই চৌহদত উন্মোচন কৰা হয়। প্ৰেৰণাই সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ লগতে সমাজৰ সামূহিক কল্যাণৰ অৰ্থে নিৰৱচ্ছিন্নভাৱে জনকল্যাণমূলক কামত নিজকে জড়িত কৰি আহিছে। প্ৰেৰণাৰ ৩২ বছৰীয়া যাত্রাক প্রতিধ্বনিয়ে নতুন মাত্রা প্রদান কৰিব আৰু অনুষ্ঠানটোক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ লগতে চলিত বিভিন্ন প্রকল্প বাবে পুঁজি আহৰণত সহায়ক হ’ব।

প্রতিধ্বনিৰ উন্মোচন পিছতে ইয়াৰ সৰ্বাংগ-সুন্দৰ ৰূপ আৰু উন্নত মানৰ লিখনিয়ে প্রশংসা অৰ্জন কৰিছে।

ইউনিচেফ, অসম আৰু উত্তৰ পূৱৰ মুৰব্বী ডঃ মধুলিকা জনাথনে ৪ ছেপ্টেম্বৰৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকী বক্তাই ভাষণ প্রদান কৰে। ডঃ জনাথনে প্ৰেৰণাই বিগত সময়ছোৱাত গ্ৰহণ কৰি অহা পদক্ষেপসমূহ আৰু তেওঁলোকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ প্রশংসা কৰে আৰু সমূহীয়া প্ৰচেষ্টাই কেনেদৰে সমাজত উল্লেখনীয় পৰিৱৰ্তন আনিব পাৰে তাৰ ওপৰত আলোকপাত কৰে। ভাষণ প্ৰসংগত তেওঁ ইউনিচেফে অসমত কৰি থকা কামৰ ব্যাখ্যা দি এই সমূহত প্ৰেৰণাক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰেৰণাৰ সভানেত্ৰী ৰশ্মি বৰুৱাই তেওঁৰ আদৰণি ভাষণত অনুষ্ঠানটোৱে কৰি অহা সমাজ হিতকৰ কামসমূহৰ ব্যাখ্যা আগবঢ়ায়। প্ৰেৰণাৰ সচিব আৰু প্ৰতিধ্বনিৰ সম্পাদিকা প্ৰিয়ম কৃষ্ণাই স্মৃতিগ্ৰন্থখনলৈ লিখনি আৰু বিত্তীয় অনুদান আগবঢ়োৱাসকলৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতাৰ বাবেই স্মৃতিগ্ৰন্থখনৰ প্ৰকাশৰ লগতে অনুষ্ঠানটোৱে গ্ৰহণ কৰা আন কাৰ্যসূচী সফল ৰূপায়ন সম্ভৱ হৈ উঠিছে। প্ৰেৰণাৰ উপ-সভানেত্রী অনামিকা তিৱাৰীয়ে অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়।

অনুষ্ঠানত থুনু শ‍ইকীয়া কলিতা, লীনা শৰ্মা আৰু ধ্ৰুৱ হাজৰিকাকে ধৰি অসমৰ সাহিত্য ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিক উপস্থিত থাকে। লগতে আই পি এছ অ’ ডব্লিউ এ-ৰ সভানেত্রী স্বপ্নালী মহন্ত, পি চি চি এফ, অসম অলকা ভাৰ্গৱ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, প্ৰেৰণাৰ সদস্যাসকল আৰু আৰক্ষী আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সহধর্মিনীসকল উপস্থিত থাকে।

মুখ্য অতিথিয়ে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে। প্ৰণামী ভাগৱতী আৰু তেওঁৰ সহযোগীসকলৰ নৃত্য অনুষ্ঠানে উপস্থিত দর্শকক আপ্লুত কৰাৰ লগতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷