প্ৰিমিয়াৰ লীগত ম্যানচেষ্টাৰ ইউনাইটেডৰ ৪-১ গ’লত জয়

pc Sportskeeda

প্ৰিমিয়াৰ লীগত ম্যানচেষ্টাৰ ইউনাইটেডৰ ৪-১ গ’লত জয়

অনলাইন বার্তাসেৱা- ম্যানচেষ্টাৰ ইউনাইটেডে প্ৰিমিয়াৰ লীগত নিউকেচেলক ৪-১ গ’লত পৰাস্ত কৰে। মেচ খনত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ম্যানচেষ্টাৰ ইউনাইটেডত উভতি অহাৰ পাছত ২ টাকৈ গ’ল কৰে। ৩৬ বছৰীয়া ৰোনাল্ডো ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ গ’ল কৰা আটাইতকৈ পুৰণি খেলুৱৈ হৈ পৰিল। ইয়াৰপূর্বে ২০১৩ চনৰ ফেব্ৰুৱাৰীত ৩৯বছৰীয়া ৰিয়ান গিগছে প্ৰিমিয়াৰ লীগত ম্যানচেষ্টাৰ ইউনাইটেডৰ বাবে গ’ল কৰিছিল।ব্ৰুনো ফাৰ্ণাণ্ডেজ আৰু জেছি লিংগাৰ্ডে ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ আন দুটা গ’ল কৰিছিল।

(RT.)