প্ৰাণ প্ৰতিমা বড়াৰ  উপন্যাস “আৱেগৰ ঝংকাৰ“ উন্মোচন

প্ৰাণ প্ৰতিমা বড়াৰ  উপন্যাস “আৱেগৰ ঝংকাৰ“ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- আশা সাহিত্য আৰু সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানটি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰঙ্গম প্ৰেক্ষাগৃহত যোৱা ৮ অক্টোবৰ ২০২৩ তাৰিখে সুকলমে অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ বিশিষ্ট সাহিত্যিকসকল উপস্থিত থাকে। সভাখনৰ শোভাবৰ্ধন কৰে ড° ডালিমী কোঁৱৰ,বিশিষ্ট সাহিত্যিক বিনু লস্কৰ, অধ্যাপক দিলীপ বৰা,মুখ্য প্ৰশাসিকা বিশিষ্ট লেখিকা তথা উপন্যাসিকা অনিতা শইকীয়াকে ধৰি বিশিষ্ট সাহিত্যিকসকল। উক্ত অনুষ্ঠানত লেখিকা তথা অধিবক্তা প্ৰাণ প্ৰতিমা বড়াৰ নাৰীৰ মনঃস্তত্ত্বভিত্তিক উপন্যাস“ আৱেগৰ ঝংকাৰ“ উন্মোচন কৰা হয় ।উপন্যাসখন উন্মোচন কৰে গন্যমান্য সাহিত্যিকসকলৰ সহিতে লেখিকাৰ বৰমাক বিজু বড়াই। প্ৰাণ প্ৰতিমা বড়া শিৱসাগৰ কালুগাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত খগেন্দ্ৰনাথ বড়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুতা কুসুম বড়া প্ৰথমা কন্যা লগতে তেওঁৰ স্বামী আৰু এগৰাকী কন্যা সন্তান নিয়ৰকণাৰ মাতৃ। প্ৰাণ প্ৰতিমা বড়া বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ।