প্ৰাণৰ অন্বেষণ
পূৰণ, অপূৰণ…
আৰু তাৰ শৈল মুহূৰ্ত্তৰ দোমোজাত
কিয় বাৰু আজি ?
স্তব্ধ জিঞ্জিৰিৰে শিকলিবদ্ধ
“জীয়ন”…!
নিৰস নিৰস পদূলি
আৰু এই মৰহি যোৱা তিক্ত আবেলি
প্ৰাণ মেৰুত কিহৰেনো সেই,
শব্দহীন গুণগুণনি…?
নাই, আক্ষেপ নাই কোনো…!
মৌন সংগীতেই এতিয়া
নিঃশব্দ সত্ত্বাৰ জীৱন লগৰী ।
সৰি পৰা সময়ত যে,
নিজকেই নিজে বান্ধিবলৈ
আকুলতাৰ চাদৰত
আলসুৱা এলান্ধুবোৰ সৰিছিল…!
অঁ, শিলেৰে বন্ধোৱা আছিল সিহঁত ।
অজ্ঞ্যেয় যে, আৱেগ সৃষ্ট সেয়া…
হৃদয়খনে তাৰ
প্ৰতিকাৰ কেনেকৈ নো কৰিব অ’…?
বেইমান অনুভূতিক প্ৰশ্ৰয় দিলে
হিয়াখন দহিব হে চোন..!
নাজানোঁ আধৰুৱা বাক্যাংশৰে কিয়…!
কিয়, পূৰ্ণ হ’ল কলিজাটো…?
য’ত কেৱল, স্পন্দিত তেজৰঙী গাঁথাই
অহৰহ গুঞ্জৰি থাকে ।
নকৰোঁ, নকৰোঁ অনুভৱ পুনৰাই…!
সেই এৰি অহা আৱেগক…!
উমম সঁচাকৈ…!
সপোনবোৰো যে এতিয়া বিলীন হ’ল নিৰলে
তাকেই ধিয়াই ।
শেষান্তৰত , চিন্তান্বিত এতিয়া উশাহ ভূমি
ৰঙীণ পৃথিৱীলৈ খোজবোৰ আগুৱাব নে
অচিনাকাশৰ সীপাৰলৈ চাই ৰ’ব…!
প্ৰশ্ন মেৰুত আজি ক্ষত বিক্ষত নিৰ্দয়তাৰে
উত্তৰৰ তৃষ্ণাত আৱদ্ধ এই অভিশপ্তা…
তথাপিও আশাৰ অঞ্জনাৰে অলংকৃতা
কিজানি বা ৰয়নি আঁতৰি অহ্নই আলিংগন কৰেই…!
p.c. wallpaper Access,
ৰঙিয়া
ৰঙিয়া