প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা

প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ৫ জানুৱাৰী তাৰিখে ১২ তম ৰূপকাৰ বঁটা প্ৰদান অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যায়। ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে যথাক্ৰমে থিয়েটাৰ আৰু চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া  (তেখেতৰ হৈ পত্নী তথা বিশিষ্ট অভিনেত্রী পূৰ্নিমা পাঠক শইকীয়াই বঁটা গ্ৰহণ কৰে) আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মৃদুল গুপ্তাক পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভৰ চৌহদত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত ৰূপকাৰ বঁটা প্ৰদান কৰা হয়। দ্বিবাৰ্ষিকভাৱে প্ৰদান কৰা এই সন্মানীয় বঁটাসমূহ ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰাদেৱে প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়া ভাষণত নিত্য বৰাই পবিত্ৰ কুমাৰ ডেকাৰ অসমৰ সংস্কৃতি আৰু সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় অৱদানৰ বিষয়ে উল্লেখ কৰে। “তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে লিখি গৈছে। কেইবাজনো উচ্চাকাংক্ষী সাংবাদিকক কেৰিয়াৰ হিচাপে চলচ্চিত্ৰ সাংবাদিকতাক গ্ৰহণ কৰিবলৈ তেওঁ অনুপ্ৰেৰণা আৰু পৰামৰ্শ দিছে। পবিত্ৰ কুমাৰ ডেকাই অসমত চলচ্চিত্ৰ প্ৰচাৰৰ ধাৰণাটো প্ৰথমে প্ৰৱৰ্তন কৰিছিল। যিটোৱে সঁচা অৰ্থত চলচ্চিত্ৰৰ প্ৰতি ব্যাপক আকৰ্ষণ আৰু সফলতা অৰ্জন কৰাত সহায় কৰিছিল।” নিত্য বৰাই এনেদৰে কয়। আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সামাজিক তথা ৰাজনৈতিক অৱদানৰ বিষয়ে উল্লেখ কৰি বৰাই কয়, “তেওঁ অসমৰ বাঁওপন্থী ৰাজনীতিৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল। বহুতে অৱশ্যে এই বিষয়ত অৱগত নহয়। কিন্তু তেওঁ এসময়ত এটা ৰাজনৈতিক দলৰ এজন সক্ৰিয় আৰু মুখ্য সংগঠক আছিল। তেওঁ সামাজিক-ৰাজনৈতিক ব্যংগাত্মক লিখনিৰে যি অতুলনীয় অৱদান আগবঢ়াই গৈছে, নিঃসন্দেহে সেয়া আজিলৈকে অতুলনীয় হৈ আছে।” পবিত্ৰ কুমাৰ ডেকাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি বৰাই কয়, “তেওঁৰ অপ্ৰত্যাশিত উৎসাহ সদায় মোৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে।” স্বামী প্ৰাঞ্জল শইকীয়াৰ হৈ এই বঁটা গ্ৰহণ কৰা পূৰ্ণিমা পাঠক শইকীয়াই ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যলৈ পবিত্ৰ কুমাৰ ডেকাৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে। আনহাতে, বঁটা গ্ৰহণ কৰি মৃদুল গুপ্তাই তেওঁক সন্মান জনোৱাৰ বাবে আয়োজকসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে ‘মিৰবীন’ নামৰ কাৰ্বি ভাষাত নিৰ্মিত মৃদুল গুপ্তাৰ নতুন চলচ্চিত্ৰখনে টকিঅ চলচ্চিত্ৰ বঁটা, ২০২৩’ত শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰে। বঁটা বিজয়ীসকলে লগতে পবিত্ৰ ডেকাৰ সৈতে অৰ্জন কৰা তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে। মধুস্মিতা বৰকটকীয়ে সুন্দৰভাৱে আঁত ধৰা এই বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে সফল সমাপ্তি ঘটে। উক্ত অনুষ্ঠানত চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ ভালেমান ব্যক্তি উপস্থিত থাকে। তাৰে ভিতৰত আছিল হেমন্ত কুমাৰ দাস, জিতুমণি বৰা, বিদ্যুৎ কুমাৰ ভূঞা, জনাৰ্দন গোস্বামী, হেমন্ত দেৱনাথ, পাৰ্থ প্ৰতিম বৰা, ইমন চৌধুৰী, সৰোজ মেধি, ৰাণা ডেকা, বৰ্ণালী ডেকা দাস, নন্দন ডেকা, আদি।