প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ আত্মজীৱনী উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনী “JUSTICE FOR THE JUDGE” নতুন দিল্লীৰ নেহেৰু মেমোৰিয়েলত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকীও সাংসদ, প্ৰাক্তন মন্ত্রী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু জ্যেষ্ঠ অধিবক্তাৰ উপস্থিতিত উন্মোচন কৰা হয় গ্ৰন্থখন। উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল অনুষ্ঠানত। গ্ৰন্থখনত তেওঁৰ শৈশৱ কৈশোৰৰ লগতে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা কালছোৱাৰ বিভিন্ন অভিজ্ঞতা উল্লেখ কৰা হৈছে। গ্ৰন্থখনত প্ৰসংগক্ৰমে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্ৰসংগও উল্লেখ কৰা হৈছে।