প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান। হেলথ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীজন। লাহৰীঘাট সমষ্টিৰ পৰা ৫বাৰৰ বিধায়ক আছিল ডাঃ ইছলাম। তৰুণ গগৈৰ আমোলত স্বাস্থ্য আৰু যোগান মন্ত্ৰী আছিল নজৰুল ইছলাম। নগাঁৱত সম্পন্ন হ’ব ডাঃ নজৰুল ইছলামৰ জানাজা। ৫ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নজৰুল ইছলাম আছিল তিনিবাৰৰ কেবিনেট মন্ত্ৰী। ১৯৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ নজৰুল ইছলাম।