প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ মৃত্যু

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ আৰু নাই । যোৱা নিশা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ ।আজি তেওঁৰ নশ্বৰ দেহ হোজাইলৈ লৈ যোৱা হ’ব । উল্লেখ যে ১৯৯১ চনৰ পৰা ২০২১ চনলৈ তেওঁ কংগ্ৰেছ দলৰ নেতা আছিল। ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ সুদীৰ্ঘ সময় তেওঁ হোজাইৰ বিধায়ক আছিল । ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল। তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’ । ২০২১ চনত অৰ্ধেন্দু দে’ই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । তেওঁৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে ।