প্ৰাক্তন চিজেআই ৰমেশ চন্দ্ৰ লাহোতিৰ ৮১ বছৰ বয়সত মৃত্যু

pc Free Press Journal

প্ৰাক্তন চিজেআই ৰমেশ চন্দ্ৰ লাহোতিৰ ৮১ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰমেশ চন্দ্ৰ লাহোটিৰ সন্ধিয়া ৮১ বছৰ বয়সত দিল্লীত মৃত্যু হয়। ন্যায়াধীশ লাহোতিক ২০০৪ চনৰ ১ জুনত ভাৰতৰ ৩৫ তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০০৫ চনৰ ১ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছিল। মোদীয়ে টুইট কৰি কয়, “ন্যায়পালিকালৈ তেওঁৰ অৱদান আৰু দুখীয়া লোকসকলক দ্ৰুত ন্যায় নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে তেওঁক স্মৰণ কৰা হ’ব।”