প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে আদিগুৰু শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰদেশৰ লগতে অসমৰ পাঁচটাকৈ স্থানত ভাৰ্চুৱেল যোগে প্ৰদৰ্শন হ’ল কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন কামৰ শুভাৰম্ভণি

Pc- The indian express

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে আদিগুৰু শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰদেশৰ লগতে অসমৰ পাঁচটাকৈ স্থানত ভাৰ্চুৱেল যোগে প্ৰদৰ্শন হ’ল কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন কামৰ শুভাৰম্ভণি

ৰঙিলী বাৰ্ত্তাসেৱা-   দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ শুভাৰম্ভণি কৰাৰ লগতে নিজৰ দৰ্শন, কাব্যৰ দ্বাৰা দেশক একগোট কৰা আদিগুৰু শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু ১২ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰে৷ ভাৰ্চুৱেল যোগে সম্প্ৰচাৰ হোৱা উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৰেন্দ্ৰ মোদীয়ে কয় “আদিগুৰু শঙ্কৰাচাৰ্যৰ দ্বাৰা কৰা তপস্যা ভাৰতীয় সংস্কৃতিৰ বৰ্তমান স্বৰূপত আজিও বিদ্যমান ৷ এনে এক সংস্কৃতি যি আঁকোৱালি লয়, সকলোৰে লগত একেলগে আগবাঢ়ে ৷ এই সংস্কৃতিয়েই হৈছে ভাৰতবৰ্ষৰ আধাৰ ৷ এয়া সংস্কৃতি যি সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখে ৷” আজিৰ এই শুভক্ষণত আদিগুৰু শঙ্কৰাচাৰ্যই ভ্ৰমণ কৰা দেশৰ বিভিন্ন ধাৰ্মিক স্থানত এই আধ্যাত্মিক অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আদি গুৰু শংকাৰাচাৰ্যই ভ্ৰমণ কৰা অসমৰ মা কামাখ্যা মন্দিৰ, মহাভৈৰৱ মন্দিৰ,শিৱদল, টিলিঙা মন্দিৰ আৰু টুক্ৰেশ্বৰী দেৱালয় আদি পাঁচটাকৈ স্থানত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন হৈ যায় বুলি বিজেপি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি যোগে জানিব দিছে।তদুপলক্ষে কামাখ্যা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা , মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। একেদৰে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দ্বীপলু ৰঞ্জন শৰ্মা, শিৱসাগৰৰ শিৱদলত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, উপ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ, মুখ্য মুখপাত্ৰ তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা, তিনিচুকীয়াৰ টিলিঙা মন্দিৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণ আৰু গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালয়ত আয়োজন কৰা অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে।