প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ বাবে ফিৰোজপুৰৰ এছএছপিক দোষী সাৱ্যস্ত 

Pc free press journal

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ বাবে ফিৰোজপুৰৰ এছএছপিক দোষী সাৱ্যস্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-   উচ্চতম ন্যায়ালয়ে পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ বাবে ফিৰোজপুৰৰ এছএছপি অৱনীত হন্সক দোষী সাৱ্যস্ত কৰে। ভাৰতৰ শীৰ্ষ ন্যায়ালয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ কনভয় কেভেলকেড পথত প্ৰৱেশ কৰাৰ খবৰ দুঘণ্টা পূৰ্বতে তেওঁক জনোৱা হৈছিল আৰু পৰ্যাপ্ত শক্তি উপলব্ধ থকাৰ পাছতো অৱনীত হান্সে তেওঁৰ কৰ্তব্য পালন কৰাত ব্যৰ্থ হৈছিল। উক্ত ঘটনাটোৱে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিক লৈ এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছিল আৰু দেশৰ গৃহমন্ত্ৰীয়ে ‘নিৰাপত্তা ব্যৱস্থাত হোৱা এনে গুৰুত্বৰ ত্ৰুটি’ৰ অনুসন্ধানৰ বাবে তিনিজনীয়া সমিতি এখন গঠন কৰিছিল যাৰ ফলত ‘ভিভিআইপিৰ গুৰুত্বৰ সুৰক্ষা বিপদাশংকাৰ সংস্পৰ্শলৈ আনিছিল। চলিত বৰ্ষৰ জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত এখন তদন্ত সমিতি নিযুক্ত কৰিছিল। ঘটনাটোত কোনো অপৰাধমূলক ষড়যন্ত্ৰ আছে নে নাই সেই সন্দৰ্ভত তদন্ত কৰিবলৈ আৰু লগতে পঞ্জাৱ আৰক্ষী বিষয়াৰ ভূমিকাৰ তদন্ত কৰিবলৈ উক্ত সমিতি নিযুক্ত কৰা হৈছিল।