প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত

pc Facebook

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈ কোৱাড নেতাসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰে। এই বৈঠকৰ উদ্দেশ্য হৈছে প্ৰভাৱশালী গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰা আৰু কৌশলগত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা।মোদীৰ উপৰিও ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে অংশগ্ৰহণ কৰিব।