প্ৰধানমন্ত্ৰীয়ে হাংগেৰীৰ প্ৰধানমন্ত্ৰীক ৬,০০০ ভাৰতীয়ক স্থানান্তৰিত কৰাৰ সুবিধাৰ বাবে ধন্যবাদ জনাই

pc The Print

প্ৰধানমন্ত্ৰীয়ে হাংগেৰীৰ প্ৰধানমন্ত্ৰীক ৬,০০০ ভাৰতীয়ক স্থানান্তৰিত কৰাৰ সুবিধাৰ বাবে ধন্যবাদ জনাই

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তেওঁৰ হাংগেৰী সমকক্ষ মহামান্য ভিক্টৰ অৰবানৰ সৈতে কথা পাতিছিল আৰু ইউক্ৰেইন-হাংগেৰী সীমান্তৰ মাজেৰে ৬,০০০ তকৈও অধিক ভাৰতীয়ক স্থানান্তৰ কৰাত সহায় কৰাৰ বাবে তেওঁক ধন্যবাদ জনাইছিল। “প্ৰধানমন্ত্ৰী অৰবানে কৈছিল যে ভাৰতীয় চিকিৎসা বিদ্যাৰ্থীসকলে ইচ্ছা কৰিলে হাংগেৰীত পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে,” পিএমঅ’য়ে কয়। দুয়োজনে ইউক্ৰেইনৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰিছিল।