প্ৰধানমন্ত্ৰীয়ে পিএম-কিছান আঁচনিৰ অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকা মুকলি

pc Northeast Live

প্ৰধানমন্ত্ৰীয়ে পিএম-কিছান আঁচনিৰ অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকা মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  হিমাচল প্ৰদেশৰ চিমলা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষকলৈ ২১,০০০ কোটি টকা স্থানান্তৰ কৰে। পিএম-কিছান আঁচনিৰ অধীনত এয়া হৈছে ১১ তম কিস্তি। ৰিজ ময়দানত আয়োজিত এই অনুষ্ঠানটোৱে কেন্দ্ৰত এন ডি এ চৰকাৰৰ অষ্টম বাৰ্ষিকী উদযাপন কৰে।