প্ৰতিযোগিতা   – শতাব্দী শৰ্মা

pc The One Brief

প্ৰতিযোগিতা 

মানুহবোৰ দৌৰি আছে,
আশাৰ কোবাল নদীত সাঁতুৰি নাদুৰি
মৰীচিকা খেদি খেদি
মানুহবোৰ দৌৰি আছে ।
ৰ’দ কিম্বা বৰষুণ
সুখ কিম্বা দুখ
জঞ্জালতকৈও জঞ্জাল চপাই
মানুহবোৰ দৌৰি আছে।
এই দৌৰত দুৰন্ত শিখা পাবলৈ
কোনোবাই চিতভোলোঙা খাই পৰিছে ,
কোনোবাই বিজয়েৰে আগবাঢ়ি গৈছে,
কোনোবাই হতাশ হৈ পৰিছে,
কোনোবাই বিবেকৰ কিয়দংশনত ভুগিছে!
কিন্তু মানুহবোৰ দৌৰি আছে,
মানুহবোৰ প্ৰতিযোগিতাৰ প্ৰতিদ্বন্দ্বী,
সেয়ে মানুহবোৰ দৌৰিছে।
                                       – শতাব্দী শৰ্মা
                                            নগাওঁ