প্ৰতিবাদৰ মাজেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে সাক্ষাৎ কৰিলে জিগনেছ মেৱানীক

প্ৰতিবাদৰ মাজেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে সাক্ষাৎ কৰিলে জিগনেছ মেৱানীক

ৰঙিলী বাৰ্ত্তাসেৱা- অসম পুলিচে সম্পূৰ্ণ অন্যায়ভাৱে আৰু ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশমৰ্মে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰি আনিছে। তেওঁক বৰ্তমান কোকৰাঝাৰত আৰক্ষীৰ জিম্মাত ৰখা হৈছে।মেৱানীক সাক্ষাৎ কৰিবলৈ চি পি আই(এম)ৰ ৰাজ্যিক নেতা,বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক নেতা সন্তোষ গুহ আৰু অচিত দত্ত আজি কোকৰাঝাৰ থানালৈ যায়। কিন্তু পুলিচ প্ৰশাসনে তেওঁলোকক সাক্ষ্যাতৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। ইয়াৰ প্ৰতিবাদত চি পি আই(এম)ৰ প্ৰতিনিধি দলটোৱে থানাৰ সমুখতে অৱস্থান ধৰ্মঘটত বহে। অৱশেষত প্ৰশাসনে বিধায়ক মনোৰঞ্জন তালুকদাৰক মেৱানীক সাক্ষাৎ কৰিবলৈ দিবলৈ বাধ্য হয়। চি পি আই(এম) অসম ৰাজ্যিক কমিটীয়ে অসমৰ বিজেপি চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত আৰু স্বৈৰতান্ত্ৰিক আচৰণৰ তীব্ৰ নিন্দা কৰিছে। দলে অনতিপলমে মেৱানীক মুকলি কৰিবলৈ দাবী জনাইছে।