প্ৰকাশ পালে “সাহিত্য সংবাদ ই আলোচনী”ৰ শাৰদীয় সম্ভাৰ

প্ৰকাশ পালে “সাহিত্য সংবাদ ই আলোচনী”ৰ শাৰদীয় সম্ভাৰ

প্ৰকাশ পালে গল্প, অণুগল্প, কবিতা, প্ৰবন্ধ আৰু আকৰ্ষণীয় বেটুপাতৰ লগতে ভিন্নস্বাদৰ মেটমৰা সম্ভাৰৰ সৈতে “সাহিত্য সংবাদ ই-আলোচনী”ৰ শাৰদীয় সংখ্যা। “সাহিত্য সংবাদ ই-আলোচনী”ৰ মুখ্য সম্পাদক তথা বিশিষ্ট কবি, লেখক আৰু গায়ক কাজি শ্বাহাদত ইছলাম, “সাহিত্য সংবাদ ই-আলোচনী”ৰ সম্পাদক তথা সাংবাদিক, কবি, লেখক এহিয়া আহমেদ, কাৰ্য্যবাহী সম্পাদক নুৰ ইছলাম ক্বাদৰীৰ লগতে সম্পাদনা কমিটীৰ সমূহ বিষয়ববীয়াসকলৰ কষ্টৰ ফচল এই আলোচনীখন।

বহু নবীন-প্ৰবীন লেখকৰ উৎকৃষ্ট লিখনীৰে সমৃদ্ধ হৈছে এই সংখ্যা । প্ৰবন্ধ শিতানত আছে — জাহ্নৱী কাকতিৰ সৌন্দৰ্যৰ প্ৰতীক শৰৎ , হিয়া তালুকদাৰৰ শাৰদীয় দূৰ্গোৎসৱ , কানুপ্ৰিয়া ডেকাৰ দেৱী দূৰ্গাৰ জন্ম , নৱজ্যোতি তামূলীৰ উত্তৰ পূব্বাঞ্চলৰ কেইটামান জনজাতিৰ এক চমু আলোচনা , ললিত নাথৰ ভাৰতৰ চন্দ্ৰ অভিযান এক অবিস্মৰণীয় সফলতা , আচমা বেগমৰ G20 আৰু ভাৰতবৰ্ষ , ৰূপা দত্তৰ সাম্প্ৰতিক কালত শংকৰদেৱৰ ধৰ্ম সংস্কৃতিৰ প্ৰয়োগ , কাজী শ্বাহাদত ইছলামৰ বাংলাদেশীঃ দ্যা মেজিকেল বৰ্ড , ডা৹ বন্দনা তামূলীৰ মনোবিজ্ঞান । গল্প শিতানত আছে — উৎপল দাসৰ প্ৰেম , শ্ৰী জুনুকা পাঠকৰ ৰঙা সেন্দুৰ , প্ৰাণ প্ৰতিম বড়াৰ হৃদয় জুৰোৱা গান , সূৰজ বৰগোহাঁইৰ অপূৰ্ব , শ্ৰী গিৰিন্দ্ৰ কলিতাৰ কৰ্ম পদ্ধতি , হিয়া দাসৰ পৰিচয় , হিফজুৰ ৰহমানৰ হাদীছ আৰু বিজ্ঞানৰ পোহৰত শুই থকা সঠিক উপায় আৰু উপকাৰিতা । অণুগল্প শিতানত আছে — শেৱালী বৰ্মনৰ ওভতনি যাত্ৰা , কল্পনা গগৈৰ একমাত্ৰ ছোৱালী , দিপ্তী মনি গোস্বামীৰ বাহী ফুল , ডিম্বেশ্বৰ শৰণীয়াৰ কৃত্ৰিম উশাহ , মানসী শৰ্মাৰ ৰত্নাকৰ , কৰবী গগৈৰ আৱৰণ , নৱযানী বৰুৱা শইকীয়াৰ দায়িত্ববোধ , প্ৰিয়ম ৰাগিণীৰ যন্ত্ৰণা , মীনাক্ষী বৰুৱা সূতৰ উপহাৰ , সুতীৰ্থ মাধৱ দত্তৰ নাৰী দিৱস , জুৰি বেনজিৰ মদৰ প্ৰভাৱ , লখিমী শৰ্মাৰ কালাকান্দ ৰেচিপি , মেঘালী বৰাৰ হাফপেন্ট , বাহাৰুল হকৰ নাৰী মন , জুৰিমণিৰ মুক্তি । কবিতা শিতানত আছে — জোনমণি ৰয়ৰ জয় মা দূৰ্গা , প্ৰবীন কুমাৰ টায়েৰ শৰতৰ শেৱালী , ফিৰোজা বেগমৰ এতিয়া ধৰাত শৰতৰ আগমন , নাজবিন চুলতানাৰ শাৰদী , ৱাহিদ আহমেদৰ শৰতৰ নিশাবোৰ , অৰুণ গগৈৰ মাটি , দৰ্শনা দাসৰ যৌৱনমতী , বক্তাৰ হুছেইনৰ নতুন পুৰুষ , কংকণ শৰ্মাৰ বৰষুণ, তুমি ইত্যাদি , স্বপ্নিল গগৈৰ তুমি , ভূমিকা লহকৰ জীৱন , গৌতম মালাকাৰ বিপন্ন আস্থা , ৰুমী কলিতা দত্তৰ চন্দ্ৰযান –৩ , কমলাক্ষী বৰাৰ মন যায় , স্বাগত বৰাৰ লামচিং , জিন্টু চাংমাইৰ কিমান , সীমান্ত কবিৰ শ্ৰমিক , মধুস্মিতা শৰ্মাৰ দেউতা , শ্ৰী প্ৰণতি বৰুৱাৰ মানুহৰ বাবে , মুহাম্মদ আফজালৰ বৰ্ণ বৈষম্য , পূজা শইকীয়াৰ এটি কাহিনী লিখিছোঁ , জ্যোস্না ৰাণী বেগমৰ ভূমিকম্প , ভূপেন্দ্ৰ চৌধুৰীৰ সময়ৰ ৰংবোৰ , বিনিময় দাসৰ প্ৰেম , আব্দুৰ ৰহমান প্ৰামণিকৰ আমি পাহৰিছোঁ ।