পোষণ মাহ উপলক্ষে লাহোৱাল শিশু সংহত উন্নয়ন প্ৰকল্পৰ দ্বাৰা পৰিচ্ছন্নতা আৰু সজাগতা কাৰ্য্যসূচী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- পোষণ অভিযানৰ অন্তৰ্গত পোষণ মাহ উপলক্ষে লাহোৱাল শিশু সংহত উন্নয়ন প্ৰকল্পৰ দ্বাৰা গ্ৰীনউড চাহ বাগিছাৰ ৪০ নং লাইনৰ বৰ্তনি অংগনৱাড়ীৰ অধীনত শনিবাৰে পৰিচ্ছন্নতা আৰু সজাগতা কাৰ্য্যসূচী আয়োজন কৰা হয়। এই কাৰ্য্যসূচীত উপস্থিত থাকে লাহোৱাল শিশু সংহত উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, লাহোৱাল শিশু সংহত উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাসকল, জিলা তথা খণ্ড পোষণ বিষয়া, অংগনৱাড়ী কৰ্মী আৰু সহায়িকা, ইউনিচেফৰ জিলা সমন্বয়ক, আশা মুখ্য সেৱিকা, বেচৰকাৰী সংগঠন যেনে ক্ৰাই (CRY), এবিতা (ABITA)। পোষণ মাহৰ লগত সংগতি ৰাখি সকলো শিশুৰ মাজত হাত ধোৱাৰ সঠিক আৰ্হি প্ৰদৰ্শন তথা কিশোৰীসকলৰ মাজত ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা তথা চেনিটাৰী নেপকিন বিতৰণ আৰু ৰক্তহীনতাৰ বিষয়ে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ লগতে পোষণ ট্ৰেকাৰ সম্পৰ্কীয় সমস্যা আৰু এছ.এন.পি./টি.এইচ.আৰ. সম্পৰ্কীয় বিষয়বোৰ মাইজান খণ্ডৰ অধীনত থকা সকলো অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সৈতে আলোচনা কৰা হয়।