পূৱ কটহগুৰি জানপাৰ হাতে মিয়া প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল

পূৱ কটহগুৰি জানপাৰ হাতে মিয়া প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ কটহগুৰি জানপাৰ হাতে মিয়া বিদ্যালয়ৰ ভূমি বেদখল হোৱাৰ অভিযোগ উথাপন কৰিছে ভূমি দাতা আব্দুল মতিনে। জানিব পৰা মতে, পূৱ কটহগুৰি জানপাৰ হাতে মিয়া বিদ্যালয় স্থাপনৰ বাবে কটহগুৰি নিবাসী আব্দুল মতিনে কটহগুৰি পাম কিচামৰ১৬৩নং ম্যাদী পট্টাৰ ২৬৭ দাগৰ ১ বিগা মাটি দান কৰিছিল। স্কুলখন সূচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে প্ৰাদেশিকৰণো হৈছিল৷ বিদ্যালয় খনৰ উত্তৰ দিশে থকা আঢ়ৈ কটা মাটি প্ৰধান শিক্ষক চামচুল হকে দখল সূত্রে নিজ খুৰা চানমিয়াৰ হাতত বিক্রি কৰে। ইফালে চতুৰ প্ৰধান শিক্ষক চামচুল হকে ২৬৭ দাগৰ পৰিবৰ্তে ২৬৮ দাগত বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণ কৰি আব্দুল মতিনৰ ৫ লোছা মাটি দখল কৰাৰ লগতে চলিত বৰ্ষৰ মে মাহৰ ১০ তাৰিখে আব্দুল মতিনৰ ভূমিত থকা নেট জাল কটাৰ লগতে বাহৰ জেউৰা কাটি লণ্ডভণ্ড কৰে। উপায় বিহীন হৈ আব্দুল মতিনে আহোমগাওঁ আৰক্ষী পহৰা চকীত প্ৰধান শিক্ষক চামচুল হকৰ লগতে তেওৰ পুত্র আৰিফ উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আজিলৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই।