পূৰ্বৰ দৰে জাক জমকতা নহয় এইবাৰৰ অম্বুবাচী মেলা

পূৰ্বৰ দৰে জাক জমকতা নহয় এইবাৰৰ অম্বুবাচী মেলা

ৰঙিলী বাৰ্ত্তাসেৱা- ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।অম্বুবাচী মেলাক লৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে দেৱালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে। অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰিছে।এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি টকা।২২ জুনৰ মাজনিশা হ’ব অম্বুবাচীৰ প্রবৃত্তি আৰু ২৬ জুনৰ পুৱা হ’ব নিবৃত্তি।২৬ জুনত অন্ত পৰিব অম্বুবাচী মেলা।পূৰ্বৰ দৰে জাক জমকতা নহয় এইবাৰৰ অম্বুবাচী মেলাত।নাথাকিব কোনো ধৰণৰ উদ্বোধনী অনুষ্ঠান।নাথাকিব কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছ।শুকুৰবাৰে মহানগৰৰ আৱৰ্ত ভৱনত অম্বুবাচী মেলাক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।উল্লেখযোগ্য যে,অম্বুবাচী মেলা উপলক্ষে ফাঁচীবজাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী আবাস।ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰত ভক্তৰ বাবে নিৰ্মাণ কৰা হৈছে আবাস।ভক্তৰ বাবে থকা আৰু পাৰ্কিঙৰ সকলো দিশ আলোচনা কৰা হৈছে।পাহাৰৰ ওপৰত এইবাৰ নহ’ব কোনো কেম্প।৩০ হাজাৰ লোকৰ থকাৰ টাৰ্গেট কৰি ব্যবস্থা গ্ৰহণ কৰা হৈছে। সোণাৰাম ফিল্ডতো থকাৰ লগতে পাৰ্কিং দুয়োটা ব্যবস্থা কৰাৰ চিন্তা–চৰ্চা কৰা হৈছে।এইবাৰ অম্বুবাচী মেলাত স্বচ্ছতাৰ ক্ষেত্ৰত দিয়া হ’ব অধিক গুৰুত্ব।ISBT আৰু দুয়োটা ৰে’লৱে ষ্টেচনত বাছৰ ব্যৱস্থা কৰা হ’ব।প্ৰথম পৰ্যায়ত ৮০খন বাছৰ ব্যৱস্থা কৰা হ’ব, প্ৰয়োজনত বৃদ্ধি কৰা হ’ব।জ্যেষ্ঠ লোকসকলৰ বাবে কেৱল ফেৰী কাৰ থাকিব।কোনো ভি আই পি আৰু ভি ভি আই পি পাছ নাথাকিব।ৰাস্তাসমূহত ধৰি উঠাৰ বাবে ৰেলিঙত ব্যৱস্থা কৰা হ’ব।