পূজা – আয়নাল হক

পূজা
আয়নাল হক, ধুবুৰী 
পূজা
চাই লাগিল মজা
জেলেপি খাই মুখবোৰ
কৰিলোঁ যে ৰঙা।
বাহ্
বিধে বিধে সাজ-পোছাক
ৰঙা নীলা হালধীয়া
জাক-জমক প্ৰসাধানেৰে
সকলো ৰম্ভা,মেনকা !
চেঙেলীয়া ডেকাহঁতৰ হাঁহিৰ কুৰুলি
সুবিধা পালেই গাভৰুৰ গাত
মাৰে পিষ্টলৰ গুলী,
কণমানিহঁতে পুতলা বেলুন লৈ
হাঁহি হাঁহি ফুৰে
মাক-দেউতাকৰ মানিবেগহে
উদং হৈ পৰে।
হ’লেও
দেৱীৰ চৰণত ওলগ লৈ
ভক্তসকলে সন্তুষ্টি লভে
বছেৰেকীয়া পূজাভাগি
আন্তৰিকতাৰে পালন কৰে।