পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণপদক অর্জন অসমৰ শিৱ থাপা
অনলাইন বাৰ্ত্তাসেৱা- পঞ্চম বার্ষিক এলাইট পুৰুষ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰে শিৱ থাপা। এই স্বৰ্ণজয়েৰে অসমৰ অভিজ্ঞ বক্সাৰগৰাকীয়ে আগন্তুক আইবা পুৰুষ বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে। দুবাৰৰ অলিম্পিয়ান শিৱই ৬৩.৫ কেজিৰ ফাইনেলত দুর্দান্ত প্ৰদৰ্শনেৰে ছাৰ্ভিচেছ স্প’ৰ্টছ কন্ট্রোল ব’ৰ্ডৰ দলবীৰ সিং টোমৰক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। সামৰণি পৰা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ১৩টা ইভেণ্টৰ স্বৰ্ণ বিজয়ী খেলুৱৈকেইগৰাকীয়ে আগন্তুক বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰে। ২৪ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ছাৰ্বিয়াত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পাঁচবাৰৰ পদক বিজয়ী অসম সন্তান শিৱ থাপা বিশ্ব বক্সিঙত ভাৰতৰ শক্তিশালী পদক প্রত্যাশী হিচাপে বক্সিং ৰিঙত নামিব।