পুৰুষৰ এছিয়া কাপ ২০২২ত ২-১ গ’লত জাপানক পৰাস্ত ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুৰুষৰ এছিয়া কাপ ২০২২ হকীৰ প্ৰথমখন Super 4s খেলত ভাৰতে জাপানক ২-১ গ’লত পৰাস্ত কৰে। জয়ৰ সৈতে, ভাৰত বৰ্তমান Super 4s পইণ্ট তালিকাৰ শীৰ্ষত আছে। মনজিৎ সিং আৰু পৱন ৰাজভৰে জাপানৰ বিৰুদ্ধে তেওঁলোকৰ খেলখনত ভাৰতৰ হৈ গ’ল কৰিছিল। ভাৰতে পৰৱৰ্তী মালয়েছিয়াৰ মুখামুখি হ’ব। মালয়েছিয়া বৰ্তমান পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে।