পুষ্টিকৰ গাখীৰৰ নামত খাইছে কি?

Pc The Janambhumi

পুষ্টিকৰ গাখীৰৰ নামত খাইছে কি?

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ ৰাজ্যতে প্ৰতিবছৰে বৃদ্ধি পাইছে গাখীৰৰ চাহিদা৷ অধিকাংশ লোকৰে দৈনিক খাদ্যৰ তালিকাখনত গাখীৰ থাকে শীৰ্ষস্থানত৷ ইয়াৰে একাংশ লোকক গাখীৰ গো-পালক বা গাখীৰ ব্যৱসায়ীয়ে যোগান ধৰাৰ বিপৰীতে আন একাংশ লোকে ব্যাৱসায়িক প্ৰতিষ্ঠানত উপলব্ধ হোৱা গাখীৰৰ পেকেট ক্ৰয় কৰি নিয়ে৷ কিন্তু ৰাজ্যত বৃদ্ধি পোৱা গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই একাংশ ব্যৱসায়ী গাখীৰৰ ভেজালকৰণত নামি পৰিছে৷ফলত পুষ্টিকৰ খাদ্যৰ তালিকাৰ শীৰ্ষস্থানত থকা গাখীৰৰ প্ৰকৃত পুষ্টি পোৱাৰ পৰা অধিকাংশ লোকেই বঞ্চিত হ’বলগীয়া হৈছে৷বিশেষকৈ গাখীৰৰ উৎপাদন অনুপাতে চাহিদা অধিক বৃদ্ধি পোৱাত এতিয়া একাংশ অসাধু ব্যৱসায়ীয়ে এইদৰে অবৈধ উপায় অৱলম্বন কৰিছে৷ গুৰুত্বপূৰ্ণভাৱে বৰ্তমান সময়ত গাখীৰ সবাতোকৈ বেছি আৰু সহজতে ভেজাল কৰা খাদ্য সামগ্ৰী হিচাপে পৰিগণিত হৈছে৷গাখীৰত অস্বাস্থ্যকৰ পৰিৱেশত পানী মিহলি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বিক্ৰী কৰি আছে৷তেনেদৰে গাখীৰৰ উপকাৰী উপাদানসমূহ উলিয়াই বজাৰত বিক্ৰী কৰা হৈছে৷অধিক লাভ অৰ্জন কৰিবৰ বাবেই গাখীৰত অন্য কম মূল্যৰ সামগ্ৰী বা পাউদাৰ মিহলাই পৰিমাণ বৃদ্ধি কৰি গ্ৰাহকক বিক্ৰী কৰা হৈছে৷পোহৰলৈ অহা তথ্য অনুসৰি বেছিভাগ ডেইৰী প্ৰকল্পতে গ্ৰীষ্মৰ সময়ত গাখীৰৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে ভেজাল দ্ৰব্য মিহলাই উৎপাদন বৃদ্ধি কৰা হয়৷উল্লেখযোগ্য যে, গাখীৰৰ ভেজালকৰণ সন্দৰ্ভত ভাৰতৰ পশু কল্যাণ পৰিষদৰ সদস্য মোহন সিং আহুৱালিয়াই কৈছিল যে, দেশত বিক্ৰী হোৱা গাখীৰ আৰু আন গাখীৰৰ পৰা উৎপন্ন সামগ্ৰীৰ ৬৮ শতাংশই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই বান্ধি দিয়া মানদণ্ডৰ ভিতৰত নপৰে৷আহুৱালিয়াই লগতে সদৰী কৰিছিল যে, ভেজাল গাখীৰ তথা গাখীৰৰ পৰা উৎপন্ন সামগ্ৰীত সাধাৰণতে কষ্টিক ছডা, গ্লুক’জ, বগা ৰং আৰু ৰিফাইন তেল ব্যৱহাৰ কৰা হয়৷বিশেষকৈ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক গাখীৰ বিক্ৰী হয় গুৱাহাটীত৷বিভিন্ন মিঠাই উদ্যোগৰ লগতে হোটেল, মিঠাইৰ দোকান, ৰেস্তোৰাঁ আৰু মহানগৰবাসীয়ে প্ৰতিদিনে ক্ৰয় কৰে গাখীৰ৷মহানগৰত গাখীৰৰ এক লাভজনক ব্যৱসায় হয়৷গাখীৰৰ চাহিদা বৃদ্ধি হৈ গৈ থকাৰ সুযোগত বিভিন্ন সময়ত ব্যৱসায়ী তথা গো-পালক সন্থাই গাখীৰৰ দামো বৃদ্ধি কৰি আহিছে৷ইতিমধ্যে কেইবাবাৰো মহানগৰত গাখীৰৰ দাম বৃদ্ধি কৰা হ’ল৷কিন্তু গাখীৰৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে গাখীৰৰ বিশুদ্ধতাক লৈ প্ৰশ্নৰ সৃষ্টি হৈ আহিছে৷বিভিন্ন সময়ত মহানগৰত ভেজাল গাখীৰ ধৰা পৰিছে৷কিন্তু তাৰ পাছতো খাদ্য সুৰক্ষা বিভাগ যিমান কঠোৰ হ’ব লাগিছিল হোৱা নাই৷কেইটামান ঠাইত গাখীৰৰ নমুনা সংগ্ৰহ কৰাৰ পাছতেই ভেজাল গাখীৰ ব্যৱসায়ীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ নৰম হৈ পৰা পৰিলক্ষিত হয়৷প্ৰণিধানযোগ্যভাৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ (এফ এছ এছ এ আই)ৰ পৰীক্ষাত গাখীৰৰ নামত বৰবিহ বিক্ৰী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই গাখীৰৰ মান পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এফ এছ এছ এ আইক দায়িত্ব দিয়া হৈছিল যদিও কামত নাহিল৷যাৰ বাবে এতিয়াও মহানগৰবাসীয়ে গাখীৰ ক্ৰয় কৰি খাইছে যদিও গাখীৰৰ পৰা প্ৰকৃত পুষ্টি লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷