পুনৰ বন্যহস্তীৰ মৃত্যু

পুনৰ বন্যহস্তীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা-  ৰংজুলিত পুনৰ বন্যহস্তীৰ মৃত্যু। চেচাপানী বাইনপাৰাত হাতী পোৱালি এটাৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ নিশাৰ ভাগত হাতী পোৱালিটো বোকাত আৱদ্ধ হোৱা বুলি বন বিভাগে উল্লেখ কৰিছে। জানিব পৰা মতে পোৱালিটোক মাতৃয়ে উদ্ধাৰ কৰিছিল যদিও হাতী পোৱালিটোৰ অঁকাল মৃত্যু ঘটে ৷ উল্লেখযোগ্য যে, দুটা হাতীৰ জাকৰ মাজতো বিগত নিশা এই স্থানতে তীব্ৰ যুঁজ হৈছিল, সেই যুঁজৰ পৰিনতিতে হাতীৰ পোৱালিটোৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। উল্লেখ্য যে, বিগত প্ৰায় এটা মাহতে গোৱালপাৰা জিলাত এতিয়ালৈকে চাৰিটাকৈ বন্যহস্তীয়ে মৃত্যু হৈছে ৷ চেচেপানী হাতী কমিটিৰ সভাপতি প্ৰদীপ দৈমাৰীয়ে কয় যে, বোকাত পৰি থকা হাতী পোৱালীটোক মাকে বহু চেষ্টা কৰি বোকাৰ পৰা আঁতৰাই আনে। হাতীটোৱে তেতিয়ালৈকে উশাহ–নিশাহ লৈ আছিল। পিছত হাতী পোৱালীটোৰ মাকে এৰি থৈ যায় পোৱালীটো। ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈছে ৷ সভাপতি প্ৰদীপ দৈমাৰীয়ে লগতে কয় যে হাতীৰ জাকটো ঘটনাস্থলীৰ পৰা ২০০ মিটাৰ নিলগত দুটা ভাগত বিভক্ত হৈ আছে। হাতীৰ জাকটোৱে এসপ্তাহৰ পৰা অঞ্চলটোত উপদ্ৰব চলাই থকাৰ কথা উল্লেখ কৰে প্ৰদীপ দৈমাৰীয়ে। লগতে তেওঁ কয় যে, হাতীৰ জাকটোৱে স্থানীয় ৰাইজৰ বহু ক্ষয়–ক্ষতি কৰিছে ।