পুনৰ আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ

pc Wikipedia

পুনৰ আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ

ৰঙিলী বাৰ্ত্তসেৱা- পুনৰ আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ।আলফা স্বাধীনক লৈ বিস্ফোৰক মন্তব্য ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ। সাংবাদিকৰ ওচৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,”আলফা অসমৰ কাৰণে বিভীষিকা,আপদ।পৰেশ বৰুৱাই যদি পথৰ সংস্কাৰ নকৰে তেতিয়া অসমৰ বুৰঞ্জীত এক কলংকিত নায়ক হিচাপে চিৰদিনৰ বাবে দেশদ্ৰুহী তালিকাত থাকিব।পৰেশ বৰুৱাই সৃষ্টিৰ নামত একো কৰা নাই।আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই।আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে।যিবিলাক ল’ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ আৰু কাষৰীয়া সমাজখনৰ শিক্ষাৰ অভাৱ।ইয়াৰ বাবে তেওঁলোক দায়ী।যিসকল ল’ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ অশিক্ষিত।পৰেশ বৰুৱাৰ মৃত্যুদণ্ড দিয়াৰ অধিকাৰ নাই।পৰেশ বৰুৱাকো মই মৃত্যুদণ্ড দিম বুলি আজি ঘোষণা কৰিলোঁ’। উল্লেখযোগ্য যে,বিগত সময়চোৱাত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আলফা স্বাধীন আৰু সেনাধ্যক্ষ পৰেশ বৰুৱাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে।