পুনেৰ ৰাসায়নিক কাৰখানাৰ অগ্নিকাণ্ডত ৭ জন লোক অগ্নিদগ্ধ, ১০ জন সন্ধানহীন

pc India TV

অনলাইন বাৰ্ত্তাসেৱা – মহাৰাষ্ট্ৰৰ পুনেত এটা পানী বিশুদ্ধ কৰা ৰাসায়নিক কাৰখানাত জুই লগাৰ খবৰ পোৱা গৈছে। ঘটনাটোত সাতজন লোকৰ মৃত্যু হৈছে। এতিয়াও ১০ জন লোক সন্ধানহীন হৈ আছে।

            ঘটনাটো পিৰাংগাট অঞ্চলৰ ঔদ্যোগিক ক্ষেত্ৰত সংঘটিত হৈছিল। ঘটনাস্থলীত পাঁচটা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছিল আৰু জুই নিয়ন্ত্ৰণলৈ আনিবলৈ লক্ষম হৈছিল। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে। অগ্নি নিৰ্বাপক বিভাগে জনোৱা মতে, ঘটনাটোৰ সময়ত ৩৭ জন কৰ্মচাৰী কৰ্তব্যৰত আছিল, যাৰ ভিতৰত ২০ জন লোকক উদ্ধাৰ কৰা হৈছে।