পুথিভঁড়াল – অঞ্জুমণি শইকীয়া

p.c.Unsplash

পুথিভঁড়াল 

তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেওবাৰ এটাত মোৰ সৈতে ওচৰৰ তিনিজনী বান্ধৱী গোট খাই আবেলি জিলা পুথিভঁড়াললৈ গৈছিলো ৷ প্ৰথমবাৰ গৈ সজাই থোৱা কিতাপবোৰ দেখি কোনখন আগতে পঢ়িম , বিচাৰি থাকোঁতে সময় লাগিছিল ৷ সদায় যাবলৈ মনটো লকলকাই আছিল যদিও লগৰ কেইজনী নগ’লে মোক ঘৰত অক’লৈ যাবলৈ নিদিছিল ৷

পঞ্চম শ্ৰেণীত , মই পঢ়া বিদ্যালয়খনলৈ কেইবাটাও ৰাষ্টাইদি যাব পাৰি যদিও , বৰুৱা চাৰিআলি হৈ কাছাৰীৰ মাজেদি জিলা পুথিভঁড়ালৰ সন্মুখেদি অহা – যোৱা কৰিছিলো ৷ বিদ্যালয় খোলা দিনকেইটাত ঘৰলৈ গৈ পুথিভঁড়াললৈ পুনৰ যাবলৈ সময় নহয় ৷ যিহেতু বিদ্যালয় তিনি বজাত ছুটি হোৱাৰ উপৰিও খোজকাঢ়ি অহা – যোৱা কৰোঁতে দেৰি হয় ৷ সেয়ে , বান্ধৱী দুজনীৰ লগত আলোচনা কৰি সিদ্ধান্ত ললো যে বিদ্যালয় ছুটিত বাহিৰে বাহিৰে পুথিভঁড়ালত সোমাই কিতাপ পঢ়িম , তাৰ পিছতহে ঘৰলৈ যাম ৷ কেইদিনমান কিতাপ পঢ়ি ঘৰ গৈ পাওঁতে সন্ধিয়া হৈছিল ৷ সেয়ে মায়ে পইছা দি ক’লে , “ কাৰ্ড উলিয়াই ল , কিতাপ ঘৰলৈ আনিব পাৰিবি ৷ “ সেই সময়ত প- পত্ৰ পূৰ কৰোঁতে পাঁচ টকা লৈ দুখন কাৰ্ড দিছিল ৷ কাৰ্ড দুখন জমা দি মন পচন্দৰ দুখন কিতাপ পোন্ধৰদিনৰ বাবে ঘৰলৈ আনিব পাৰি ৷ ষোল্লদিনৰ দিনা কিতাপ দুখন ঘূৰাই দিব লাগে ৷ পঢ়ি ন’হলে ও চহী কৰি একেখন কিতাপ পুনৰ আনিব পাৰি ৷ প – পত্ৰ পূৰ কৰি কাৰ্ড পাওঁতে এসপ্তাহো নালাগিছিল ৷

কিন্তু , ২০২১ বৰ্ষত ( মাজভাগত ! ) পুত্ৰৰ বাবে কাৰ্ড বিচাৰি দুমাহ অহা যোৱা কৰিলোঁ , কাৰ্ড নাপালোঁ ৷ প – পত্ৰ জমা দিয়াৰ পিছতো কৰ্তৃপক্ষই আজি দিম , কালি দিম বুলি কৈ থাকিল ৷ পুথিভঁড়ালটো ওচৰত কাৰণে দুমাহ অহাযোৱা কৰিলোঁ ৷ দূৰৰ পৰা অহাবোৰৰ সমস্যা নহ’বনে ! বৰ্ত্তমান গাড়ীৰ ভাড়াও বহুত ৷ এই ক্ষেত্ৰত কৰ্তৃপক্ষই গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ ৷

( পুথিভঁড়ালৰ কাৰ্ড বিচাৰি দুমাহ অহাযোৱা কৰি কাৰ্ড নোপোৱাৰ কথা লিখিবলৈ গৈ মোৰ শৈশৱৰ পুথিভঁড়ালৰ কথা লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ ৷ )

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷