পিতৃ-মাতৃ হাৰা এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী জীৱনৰ প্ৰথম খোজতে ঘাট-মাউৰা, বৰাখাট গাওঁৰ তিনি কিশোৰী

পিতৃ-মাতৃ হাৰা এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী জীৱনৰ প্ৰথম খোজতে ঘাট-মাউৰা, বৰাখাট গাওঁৰ তিনি কিশোৰী

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা-  ৬৪ নং পানেৰি বিধান সভা সমষ্টি তথা বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁওৰ এটা দুৰ্ভগীয়া পৰিয়াল। যোৱা চাঁ‌ৰি বছৰে পিতৃ-মাতৃ হাৰা ঘাট-মাউৰা অৱস্থাত তিনি কিশোৰী।
জীৱনৰ আৰম্ভণী নহৌওতেই প্ৰবল সংগ্ৰাম বৰাখাট গাঁ‌ৱৰ তিনি ঘাট-মাউৰা কিশোৰীৰ, “নামক্ৰমে মীৰা গুৰ, হৰিপ্ৰীয়া গুৰ, নিৰ্মালী গুৰ। চাঁ‌ৰি বছৰ পূৰ্বে পিতৃ বলিৰাম গুৰৰ মৃত্যুৰ পিছত মাতৃ সাবিত্ৰী গুৰে দিন হাজিৰা কৰি পৰিয়ালটো পোঁ‌হ-পাল দি আছিল! কিন্তু বিধিত লেখন নাযাই খণ্ডন বাবেই বিধিতাই যোৱা বছৰ মাতৃ সাবিত্ৰী গুৰকো ইহ সংসাৰ পৰা কাঢ়ি নি সম্পূৰ্ণ অসহায়, আৰু ঘাট-মাউৰা কৰি পেলালে তিনি কিশোৰীক। যাৰ ফলত অসহায় ৰূপত তিনি কিশোৰীয়ে ওচৰ-চুবুৰিয়াৰ ঘৰত খুজি-মাগী যিৱন-যাপন কৰিব লগিয়া হৈছে, নাই কনো শিক্ষা ব্যৱস্থা নাই কনো সদূৰ ভৱিষ্যৎ একমাত্ৰ পেটৰ তাৰনাত জীৱন সংগ্ৰামত যুজিৱ লগা হৈছে তিনি কিশোৰী। অতি পৰিতাপৰ বিষয় যোৱা চাঁ‌ৰিটা বছৰে পিতৃহাৰা আৰু এটা বছৰে মাতৃহাৰা হোৱাৰ পিছতো।নাই কনো চৰকাৰী আঁ‌চনী নাই কনো জনপ্ৰতিনিধিৰ সহানুভূতি ।যাক লৈ এতিয়া ওচৰ-চুবুৰিয়াই চিন্তিত হৈ পৰিছে। সেয়েহে স্থানীয় লোকে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম’চি’এল’এ ভৱেন চন্দ্ৰ বড়োৰ দ্বাৰাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক অসহায় পিতৃ-মাতৃহাৰা ঘাট-মাউৰা পৰিয়ালটোক উদ্ধাৰ কৰি ভৱিষ্যৎ সুনিশ্বিত কৰিবলৈ আহ্বান জনাইছে। কিন্তু আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত জনপ্ৰতিনিধিয়ে কি ব্যৱস্থা হাতত লৈ সেয়াহে লক্ষণীয় হ’ব।

Amarjit Rabha