পিঠিৰ আঘাতৰ বাবে আই পি এল ২০২২ ৰ পৰা বাহিৰ চেন্নাই চুপাৰ কিংছৰ দীপক চাহাৰ

pc India Today

পিঠিৰ আঘাতৰ বাবে আই পি এল ২০২২ ৰ পৰা বাহিৰ চেন্নাই চুপাৰ কিংছৰ দীপক চাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মেগা নিলামত চিএছকেৰ দ্বাৰা ১৪ কোটি টকাত ক্ৰয় কৰা পেচাৰ দীপক চাহাৰক আই পি এল ২০২২ৰ পৰা বাহিৰ। ২৯ বছৰীয়া দ্ৰুত বলাৰজন পিঠিৰ আঘাতৰ বাবে আই পি এল ২০২২ ৰ পৰা বাহিৰ হৈছে। “আমি হতাশ কাৰণ আমাৰ এজন মুখ্য বলাৰ নাই কিন্তু আঘাত খেলৰ অংশ। আমি দীপক চাহাৰৰ অতি দ্ৰুত আৰোগ্য কামনা কৰিছো,” চেন্নাই চুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কে এছ বিশ্বনাথনে কয়।