পিঁয়াজৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক

Pc The New Indian Express

ৰঙিলী বাৰ্ত্তাসেৱা-  পিঁয়াজৰ যোগান হ্ৰাস হোৱাৰ পিছৰে পৰা প্ৰায় ৬০ ৰ পৰা ৮০ শতাংশ পিয়াজৰ মূল্য বৃদ্ধি পাইছে। কৃষি উৎপাদন বজাৰ সমিতিৰ (এপিএমচি) ব্যৱসায়ীসকলে এই বিষয় সন্দৰ্ভত কয় যে, “নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত নতুনকৈ পিঁয়াজৰ আমদানি নোহোৱা পৰ্যন্ত পিয়াজৰ মূল্য বৃদ্ধি হৈ থাকিব।  ইপিনে, খুচুৰা বজাৰত পিঁয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪০ টকা অতিক্ৰম কৰিছে, যাৰ ফলত সাধাৰণ জনতাৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিছে। আনহাতে, ব্যৱসায়ীসকলে এই বিষয় সন্দৰ্ভত কয় যে, “পিঁয়াজ প্ৰতি কিলোগ্ৰামত ৫০ টকালৈকে বৃদ্ধি হ’ব। মাহটোৰ আৰম্ভণিতে, খুচুৰা বজাৰত পিঁয়াজ প্ৰতি কিলোগ্ৰামত ১৫ ৰ পৰা ২৫ টকাৰ ভিতৰত উপলব্ধ আছিল।”