পাকিস্তানত অনুষ্ঠিত হʼব ২০২৩ৰ এছিয়া কাপ 

pc- Dunya News

পাকিস্তানত অনুষ্ঠিত হʼব ২০২৩ৰ এছিয়া কাপ 

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান ক্রিকেট ব’ৰ্ডে ২০২৩ৰ এছিয়া কাপ আয়োজন কৰিব। পাকিস্তান ক্রিকেট ব’ৰ্ডৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰামিজ ৰাজাই ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত এছিয়ান ক্রিকেট কাউঞ্চিলে সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে। এছিয়ান ক্রিকেট কাউঞ্চিলৰ এই ব’ৰ্ডৰ অধ্যক্ষতা কৰিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সচিব জয় শ্বাহে। ২০০৮ৰ এছিয়া কাপৰ পিছৰে পৰা পাকিস্তানে কোনো বহুদলীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰা নাই। ২০০৯ত শ্রীলংকা ক্রিকেট দলৰ ওপৰত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছৰে পৰা বিশ্বৰ বিভিন্ন দেশসমূহে পাকিস্তান ভ্ৰমণৰ পৰা আঁতৰি আছিল। নিউজিলেণ্ড আৰু ইংলেণ্ডে সুৰক্ষাজনিত আশংকাৰ বাবে শেষ মুহূর্তত পাকিস্তান ভ্রমণ বাতিল কৰিছে। এনে পৰিস্থিতিত পাকিস্তানত ২০২৩ত  অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপলৈ ভাৰতে দল প্ৰেৰণ কৰে নে নকৰে সেয়া লক্ষণীয় হব।