পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বার্ষিক অধিবেশন -ৰুণু কলিতা

rongilibarta

পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি – বার্ষিক অধিবেশনঃ

পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশনখন ১৯ নৱেম্বৰ, শুক্ৰবাৰে পুৱা ১০ বজাৰে পৰা সোণাৰাম উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মূল সভাখন পানবজাৰত প্ৰাক্তন কটনিয়ান ভৱনত দিনৰ ১ বজাত অনুষ্ঠিত হয়। পুৱাৰ কাৰ্যসূচী আছিল পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু কাৰ্যনিবাহক সমিতি গঠন। দুপৰীয়াৰ কাৰ্যসূচীত সংস্থাৰ সুখপ‌এ স্বৰ্ণিল যাত্ৰাৰ উপৰিও শাখাৰ দ্বাৰা প্ৰকাশিত গল্পপুথি ‘প্ৰবাহিনী’ আৰু প্ৰাক্তন সভানেত্ৰী ড০ লোপা বৰুৱাৰ কবিতাপুথি ‘তহঁত মোৰ কুকুৰ শ‌ইচ’ উন্মোচন কৰা হয়। ড০ কণিকা মেধিৰ দ্বাৰা ‘বন্টিল যাত্ৰা’ উন্মোচন কৰে অসম লেখিকা সংস্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই আৰু আন দুখন পুথি উন্মোচন কৰে শিক্ষাবিদ, সমালোচক, অনুবাদক তথা প্ৰাকজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড০ দয়ানন্দ পাঠকে। অসম লেখিকা সংস্থাৰ সম্পাদিকা নিৰু শৰ্মা পৰাজুলিযে স্মৃতি তৰ্পণ কৰে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা, প্ৰাক্তন কলাগুৰু, সমালোচক ড০ দীপ্তি ফুকন পাটগিৰিয়ে সভাখন উদ্বোধন কৰে। সভাত সভাপতিত্ব কৰে সংস্থাৰ সভানেত্ৰী নিৰূপা পটকীয়া শইকীয়াই আৰু সভাৰ উদ্দেশ্য ব‍্যাখ‍্যা কৰে সম্পাদিকা ড০ ৰুণু কলিতাই।

ৰুণু কলিতা
সম্পাদিকা