পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ ব্যাপক কেলেংকাৰিত জড়িত মন্ত্রী তথা টি এম চিৰ শীর্ষ নেতা পার্থ চেটার্জীক গ্ৰেপ্তাৰ

pc Zee News

পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ ব্যাপক কেলেংকাৰিত জড়িত মন্ত্রী তথা টি এম চিৰ শীর্ষ নেতা পার্থ চেটার্জীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ ব্যাপক কেলেংকাৰিত জড়িত মন্ত্রী তথা টি এম চিৰ শীর্ষ নেতা পার্থ চেটার্জীক গ্ৰেপ্তাৰ কৰিছে এনফচমেন্ট ডিৰেক্টৰেট (ইডি)এ। ২০১৪ৰ পৰা ২০২১ চনলৈকে শিক্ষামন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত শিক্ষক নিযুক্তিৰ ব্যাপক কেলেংকাৰিৰ গোচৰত কালি পুৱা আঠ বজাত ই ডি এটা দলে ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটার্জীৰ বাসভৱনত অভিযান চলোৱাৰ লগতে মন্ত্রী চেটার্জীক সোধা-পোছা আৰম্ভ কৰে। কালি  সোধা-পোছা কৰাৰ অন্তত ২ ঘণ্টা জেৰাৰ মূৰত মন্ত্রী চেটার্জী ই ডিয়ে গ্ৰেপ্তাৰ কৰে। পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰিৰ গোচৰক লৈ  ই ডিৰ কেইবাটাও দলে ভাগ ভাগ হৈ ৰাজ্যখনৰ মন্ত্রী, বিধায়ক, শিক্ষা বিভাগৰ প্ৰাক্তন বিষয়া, শিক্ষা বৰ্ডৰ প্ৰাক্তন অধ্যক্ষকে ধৰি অনেকজনৰ বাসগৃ অভিযান চলটা বাসভৱনত অভিযান চল ২২ কোটি টকা উদ্ধাৰ কৰে আৰু অর্পিতা মুখার্জীক ইডিয়ে আটক কৰে। ই ডিয়ে  অভিযান চলোৱা আন আন ব্যক্তিসকলৰ ভিতৰত ৰাজ্যখনৰ ৰাজ্যিক শিক্ষামগ্ৰী পৰেশ চি অধিকাৰী, বিধায়ক তথা পশ্চিমবংগ প্রাথমিক শিক্ষা বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ মাণিক ভট্টাচার্য, মন্ত্রী চেটাৰ্জীৰ অএছডি পি কে বন্দোপাধ্যায়, চেটার্জী শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ৰ ব্যক্তিগত সচিব সুকান্ত আচার্জী, চন্দন মণ্ডল ওৰফে ৰঞ্জন, কল্যাণময় ভট্টাচার্য, কৃষ্ণ চি অধিকাৰী, পশ্চিমবংগ কেন্দ্রীয় বিদ্যালয় আয়োগৰ উপদেষ্টা ডা এছ পি সিনহা, পশ্চিমবংগ বৰ্ড অব ছেকেণ্ডাৰী । এডুকেচনৰ প্ৰাক্তন অধ্যক্ষ কল্যাণময় গাংগুলী, পশ্চিমবংগৰ চেন্ট্ৰেল স্কুল ছাৰ্ভিচ কমিছনৰ প্ৰাক্ত অধ্যক্ষ সৌমিত্র সৰকাৰ। বিদ্যালয় শিক্ষা বিভাগৰ উপ-সঞ্চালক আলোক কুমাৰ সৰকাৰকে ধৰি অনেকজন বাসগৃহত ই ডিয়ে তালাচী অভিযান চলায়। এই অভিযানৰ সময়ত ই ডিৰ দলে উল্লিখিত ব্যাক্তিসকলৰ বাসগৃহৰ পৰা আপত্তিজনক তথ্য, সন্দেহজনক কোম্পানীৰ তথ্য, ইলেক্ট্রনিক ডিভাইচ, বিদেশী মুদ্ৰা আৰু সোণ জব্দ কৰে। উল্লেখ্য যে পশ্চিমবংগৰ গ্ৰুপ চি আৰু গ্রুপ ডি কর্মচাৰী নিযুক্তি, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সহকাৰী শিক্ষক নিযুক্তি আৰু প্ৰাইমাৰী শিক্ষকৰ নিযুক্তিক লৈ সংঘটিত ব্যাপক কেলেংকাৰি সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ে দিয়া নির্দেশমর্মে চি বি আয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত ই ডিয়ে অবৈধ ধনৰ লেনদেন গোচৰ ৰুজু কৰে। এ গোচৰৰ তদন্ত চলাই থকা ই ডিয়ে কালি পশ্চিমবংগৰ মন্ত্ৰী, বিধায়ক, মন্ত্ৰীৰ ঘনিষ্ঠ শিক্ষা বিভাগৰ প্ৰাক্ত বিষয়াৰ বাসগৃহত অভিযান আৰম্ভ কৰে। কালি ই ডিৰ আঠজনীয়া দল এটাই মন্ত্ৰী চেটাৰ্জীৰ দক্ষি কলকাতাস্থিত নাকতলা বাসগৃহত উপস্থিত হয় আৰু মন্ত্ৰীগৰাকীৰ বাসগৃহত তালাচী অভিযান চলোৱাৰ লগ সোধা-পোছা আৰম্ভ কৰে। বাসগৃহৰ বাহিৰত চি আৰ পি এফ বাহিনী মোতায়েন মন্ত্ৰীগৰাকীৰ বাসগৃহত ই ডিয়ে তালাচী চলায় আৰু ইয়াৰ সমান্তৰালকৈ সোধা-পোছা আ কৰে। গোটেই নিশা ইডিয়ে মন্ত্রী চেটার্জীক সোধা-পোছাৰ অন্তত আজি পুৱা তেওঁক আনুষ্ঠানিকভাৱে গেপ্তাৰ কৰে। আনপিনে ই ডিৰ এটা দলে কোচবিহাৰ জিলাৰ মেখলিগঞ্জস্থিত পৰেশ অধিকাৰীৰ বাসগৃহত অভিযান চলায়। পৰেশ অধিকাৰীক ইয়াৰ পূৰ্বে চি বি আছে ২৬ এপ্ৰিল আৰু ১৮ মেত সোধা-পোছা কৰিছিল। পৰেশ অধিকাৰী হৈছে ৰাজ্যখনৰ ৰাজ্যিক শিক্ষামন্ত্ৰী।