পলাশবাৰীত ‘আপ’ৰ সাংগঠনিক সভা সম্পন্ন

পলাশবাৰীত ‘আপ’ৰ সাংগঠনিক সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘নির্বাচন এটাত জয়লাভ কৰিবলৈ হ’লে দলীয় কৰ্মীসকলৰ গধুৰ দায়িত্ব আছে। লগতে নাৰী শক্তি আৰু যুৱ শক্তিয়ে দলীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিলে নিৰ্বাচনত জয়লাভ উজু হয়। আগন্তুক লোকসভা নির্বাচনত প্রতিজন দলীয় কর্মীয়ে নিষ্ঠা আৰু উৎসাহ আৰু সমর্পিত মনোভাৱেৰে কাম কৰা উচিত। আপৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আজি পলাশবাৰী সমষ্টিৰ মির্জাত এখন দলীয় সাংগঠনিক সভাত অংশগ্রহণ কৰি এনেদৰে কয়। মির্জাৰ নিকতৱর্তী বাৰ্ঘেশ্বৰী মন্দিৰ প্রাঙ্গণত দলটোৰ গুৱাহাটী লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক দীপাংকৰ কলিতা আৰু জিলা সভাপতি শুক্লেশ্বৰ দাসৰ পৰিচালনাত অনুষ্ঠিত সভাখনত বিভিন্ন দলৰ প্ৰায় অর্ধশতাধিক ব্যক্তিয়ে ‘আপ’ ত যোগদান কৰে। সভাত আগন্তুক গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে পলাশবাৰী সমষ্টিৰ সাংগঠনিক দিশত আলোচনা কৰা হয়। সভাত দলটোৰ মহিলা শক্তি তত্ত্বাবধায়ক ব্রজেন সন্দিকৈয়ে প্রত্যেকগৰাকী মহিলাক দেশৰ গণতন্ত্রত তেওঁলোকৰ অৱদান আৰু ৰাজনীতিত মহিলাৰ প্ৰয়োজনীয়তা সম্পর্কত বক্তব্য আগবঢ়ায়। ভাষণত তেওঁ বিজেপি চৰকাৰৰ সমাজ বিৰোধী কার্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰে। অনুষ্ঠানটো আপৰ বহুকেইগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে।