পলমকৈ অহা ল’ৰাজন – সুনম বিশ্বাস

PC - peakpx
পলমকৈ অহা ল’ৰাজন…
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
নয়ন এজন দুখীয়া পৰিয়ালৰ ল’ৰা । সিহঁত গাঁৱত থাকে । সি নগৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ে। আৰ্থিকভাৱে জুৰুলা যদিও দেউতাকে তাক শিক্ষা- দীক্ষাৰ পৰা আঁতৰাই ৰখা নাই । কপালৰ ঘাম মাটিত পেলাই তাৰ আপডালত কোনো ত্ৰুটি ৰখা নাই। সি সদায় বাটকুৰি বাই বিদ্যায়ললৈ যায় । পঢ়া-শুনাত সি বৰ চোকা লগতে  অমায়িক । বিদ্যালয়ত উপস্থিতি তাৰ নিয়মীয়া যাৰ বাবে বিগত বৰ্ষত আটাইতকৈ বেছি উপস্থিতিৰ বাবে বাৰ্ষিক বঁটা বিতৰণি সভাত “বেষ্ট প্ৰেজেন্ট অফ দ্যা ইয়েৰ “ৰ বঁটা পাইছিল। নয়ন একান্ত বাধ্য ছাত্ৰ, সেয়েহে বিদ্যালয়ৰ সকলোৱে তাক মৰম কৰে ।
কিন্তু কিছুদিন পাছত হঠাতেই বিদ্যালয়ত তাৰ উপস্থিতি অনীয়মীয়া হ’ল । প্ৰায়েই তাৰ পলম হয় । পাঠদান আৰম্ভ হোৱাৰ পাছত সি শ্রেণীকোঠাত প্ৰৱেশ কৰে । যাৰ বাবে তাক শাস্তি দিয়া হয়। মেধাৱী ছাত্ৰ হোৱাৰ পিছতো তাক শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ; যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সেয়েহে অনুশাসন, নিয়ম – শৃংখলা যেন কটকটীয়া । পলম হোৱাৰ কাৰণ সুধিলে সি নিৰুত্তৰ হৈ যায়, লাগিলে শাস্তি মূৰ পাতি ল’ব তথাপিও তাৰ বুকু ফাটে মুখ নুফুটে । এই বসয়তে সি যেন বৰ ধৈৰ্যশীল হৈ উঠিছে , ব্যক্তিগত সমস্যাবোৰ আনৰ আগত কৈ উপহাস বা পুতৌৰ পাত্ৰ হ’ব নিবিচাৰে । শ্ৰেণী শিক্ষকে নিতৌ একে প্ৰশ্ন সুধি সুধি বিৰক্ত হৈ যায়, কেতিয়াবা খঙো কৰে তাৰ ওপৰত অনীহাস্বত্তেও তাক শাস্তি দিবলৈ বাধ্য হোৱাৰ বাবে ।
লাহে লাহে শ্রেণীকোঠাত সি সকলোৰে উপহাসৰ পাত্র হ’ল। পলমকৈ অহাৰ বাবে শাস্তিতো পায়েই লগতে মানসিক অত্যাচাৰৰো সম্মুখীন হ’বলগীয়া হয় । সি কাকো একো নকয় । যদিও সি মেধাৱী ছাত্ৰ তথাপিও বিদ্রূপৰ বাণ সহ্য কৰিব লাগে কেবল পলম উপস্থিতিৰ বাবে । তাৰ এই মৌন ওঁঠৰ ৰহস্য উদঘাটন কৰাটো যেন শিক্ষকৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে । এনেকৈ কিছুদিন চলি থাকিল । উপায়ন্তৰ হৈ প্ৰধান শিক্ষকে অভিভাৱক মিটিঙৰ আয়োজন কৰিলে কিন্তু মিটিঙখনত নয়নৰ অভিভাৱক হিচাপে কোনো উপস্থিত নাছিল।
এদিনাখন প্ৰাতঃভ্ৰমণৰ সময়ত হঠাৎ শ্রেণী শিক্ষক ধ্ৰুৱ কলিতাৰ দৃষ্টি পৰিল হাতত কাকতৰ টোপোলা লৈ এঘৰত কাকত বিলাই থকা ল’ৰাজনলৈ । ভালদৰে লক্ষ্য কৰি নিশ্চিত হ’ল যে ল’ৰাজন নয়নেই । নয়নে কিন্তু তেওঁক দেখা পোৱা নাছিল । তেতিয়াই তেখেতে তাৰ পলম হোৱাৰ ঘটনাটো কিছুদূৰ অনুমান কৰিব পাৰিলে । সেইদিনা দেওবাৰ আছিল সেয়েহে ভাবিলে কাইলৈ বিদ্যায়ত এই বিষয়ে নয়নৰ লগত কথা পাতিব ।
পাছদিনাখন তেখেতে শ্রেণীকোঠাত প্ৰৱেশ কৰি প্ৰথম বেঞ্চত নয়নক দেখি আচৰিত হৈ গ’ল । বহুদিনৰ মূৰত নিদিৰ্ষ্ট সময়ত শ্রেণীকোঠাত তাৰ উপস্থিতি লক্ষ্য কৰি সকলোৰে কৌতুহল জাগিল । ছাৰে নয়নক উদ্দেশ্যি ক’লে,  – “বোপাই আজি সময়মতে বিদ্যায়ত অহাৰ বাবে আমি সুখী! টানকৈ একো সুধিবলৈ তেখেতৰ অন্তৰে নিবিচাৰিলে। “
নয়নে থিয় হৈ এষাৰ কথাই ক’লে যে , ” ছাৰ কাইলৈৰ পৰা আৰু কেতিয়াও পলম নহ’ব ; ইমানদিন পলমকৈ অহাৰ বাবে ক্ষমা বিচাৰিছোঁ।” এইখিনি কৈয়ে সি আকৌ নিশ্চুপ হৈ ৰ’ল । তাৰ মনোৱস্থা আজি কিছু ব্যতিক্ৰম। সেয়েহে ছাৰে তাক দুনাই প্ৰশ্ন নুসুধিলে। ছুটীৰ পৰত কথা পাতিব বুলি ভাবিছিল যদিও নয়নক বিচাৰি নাপালে, বেলৰ শব্দ শুনাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰী ওলাই গ’ল ।
সন্ধিয়া বজাৰত কলিতা ছাৰে  নয়নহতঁৰ গাঁৱৰ মানুহ এজনক লগ পালে । তেখেতৰ মুখৰ পৰা জানিব পাৰিলে যে কালি আবেলি নয়নৰ পিতৃ বিয়োগ হৈছে । মানুহজনে এফালৰ পৰা কৈ গ’ল নয়নৰ জীৱন বৃত্তান্ত । ইমানদিন ল’ৰাটো দেউতাকে কৰা হকাৰৰ কামটোৰ লগতে শয্যাশায়ী পিতাৰ শুশ্ৰূষাৰ কৰাৰ পৰা আদি কৰি সকলোবোৰ কাম কৰি আছিল । দোকমোকালিতেই কাকতৰ টোপোলাটো পিঠিত লৈ পেটৰ তাড়নাত ওলাই পৰে । আকৌ বিদ্যালয়লৈ যায় । বৰ শান্ত-শিষ্ট দায়িত্ববান ল’ৰা । জন্মৰ পিছৰ পৰাই মাতৃ স্নেহৰ পৰশ নাপালে , তাক ভূমিষ্ঠ কৰিয়েই মাকৰ মৃত্যু হৈছিল । দেউতাককো অকাল মৃত্যুয়ে বৰণ কৰিলে । ল’ৰাজন ঘাট- মাউৰা হৈ গ’ল । এই কাৰণে চাগে এই অভাগাটোৰ পঢ়া জীৱনৰ ইয়াতেই ইতি পৰিব। এইখিনি কৈ মানুহজনে চকুলো টুপিলে। এইফালে ছাৰে কথাখিনি শুনি বাকৰুদ্ধ হৈ গ’ল। তেখেতৰ বুকুখন বিষাই গ’ল । দুচকু কলীয়া ডাৱৰে  আগুৰি ধৰিলে । ক্ষন্তেকৰ বাবে অন্য এক ভাবনাত বিলীন হৈ গ’ল । এই ফুলকোমলীয়া বয়সতেই ল’ৰাজন ইমান দায়িত্ববান, কৰ্তব্যপৰায়ণ কেনেকৈ হৈ গ’ল ! কিমান ধৈৰ্যশীল তথা পঢ়াৰ প্ৰতি ধাউতি থাকিলে আকাশসম কষ্ট বুকুত গোঁজি, দুধাৰে বৈ অহা শোকৰ নৈখন দাঁত কামুৰি বাধা দি বিদ্যালয়লৈ আহিব পাৰে .. সেয়া ছাৰে অন্তৰেৰে উপলব্ধি কৰিছে ! শামুকৰ পেটৰ পৰা এটা উজ্জ্বল মাণিকৰ জন্ম হৈছে ! নয়নলৈ ছাৰৰ এক বুজাব নোৱাৰাকৈ মায়া উপজিছে , ল’ৰাটোক কিছুসময় বুকুত লৈ মূৰটোত হাত বুলাবলৈ ইচ্ছা হৈছে যদিও নোৱাৰে… শ্রেণীকোঠাত দিয়া শাস্তিবোৰলৈ মনত পেলাই তেখেত অনুশোচনাত দগ্ধ হৈছে… ” নাই নাই ল’ৰাটোক কাইলৈ আমাৰ ঘৰলৈ লৈ আহিম, আমিয়েই হম তাৰ পিতৃ-মাতৃ । এনেকৈ ল’ৰাজনক নিঠৰুৱা হৈ যাবলৈ দিব নোৱাৰোঁ বুলি কৈ কৈ … তাৰেই মুখখন দুচকুত ভাহি থাকিল।