*পদ পথত আবেলিৰ কবিতা**
চান্দমাৰি পলিটেকনিকৰ ফিল্ডত হোৱা গ্ৰন্থমেলাৰ বিপণি তাইক লগ পালে | বহুদিনৰ মূৰত দেখা দেখি হ’ল সিহতৰ | সি খা খবৰ সুধিলে তাইক |
“মনত আছেনে, সেই ফ্লাই অভাৰৰ ফুট পাথত প্ৰথম তোমাক লৈ লিখা কবিতাটো?”সি উদাসীনভাৱে হাহিঁ সুধিলে
“সকলো মনত আছে অৰ্ণব ,স্মৃতিবোৰ সতেজ হৈ আছে, কিন্তু মোৰ কি ভূল আছিল কোৱা? তোমাৰ চাকৰি এটা নথকা বুলি ঘৰত কোনোৱে সন্মতি নিদিলে, আৰু সেই খিনি সময়ত মা দেউতাৰ বিপক্ষে যোৱাটো জানো সম্ভৱ আছিল?” তাইৰ চকুহাল চলচলীয়া হ’ল
“এৰা, ল’ৰাজনৰ আয়ৰ স্থায়ী উৎস এটা মাক দেউতাকে বিচৰাটো স্বাভাৱিক” সি তাইৰ শিৰৰ সেন্দূৰকণলৈ চাই ৰ’ল | এটি হুমনিয়াহৰ নিশ্বাস দুয়োৰে মাজত বিৰাজ কৰি থাকিল !
গ্ৰন্থপ্ৰেমীৰ ভিৰৰ মাজত অৰ্ণব হেৰাল.. সন্ধিয়া নামি আহিল |
তাই দুহাতৰ মাজত গ্ৰন্থমেলাৰ সৰ্বাধিক বিক্ৰীহোৱা কিতাপখন লৈ উভতি আহিল ..
“পদ পথত আবেলিৰ কবিতা”
কবি অৰ্ণব জ্যোতি.