পদ্মলোচন নাথৰ ’চৈধ্যয় সাক্ষীক ভান্দিবাৰ কোন উপায়’ গ্ৰন্থ উন্মোচন

পদ্মলোচন নাথৰ ’চৈধ্যয় সাক্ষীক ভান্দিবাৰ কোন উপায়’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটৰ সংস্কৃতি প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক,লেখক পদ্মলোচন নাথৰ ’চৈধ্যয় সাক্ষীক ভান্দিবাৰ কোন উপায়’ গ্ৰন্থখন বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যৰ সাংসদ অজিত কুমাৰ ভূঞাই উন্মোচন কৰে৷তেওঁ ভাষণত কয়- পদ্মলোচন নাথে লিখা গ্ৰন্থখনৰ নামটোৱে এটা বেলেগ ধৰণে আকৰ্ষণ কৰিছে৷নাথ বৌদ্ধিক সমাজত লেখতলবলগীয়া নাম৷নাথে সুদীৰ্ঘকাল লেখা মেলাৰ লগতে গণতান্ত্ৰিক আন্দোলনত জড়িত হৈ পৰিছিল৷বৰ্তমান মানৱ জাতিৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰত্যাহ্বান আহি পৰিছে৷সাম্প্ৰদায়িকতাৰ বীজ চপাই দিয়া হৈছে বিজেপি চৰকাৰে৷ইতিহাসতকৈ ডাঙৰ সাক্ষী একো হ’ব নোৱাৰে৷ইতিহাস নিৰ্মম৷বৰ্তমান প্ৰশ্ন কৰাটো মহাবিপদ হৈছে৷উত্তৰ পাবলৈ হ’লে অধ্যয়ন কৰিব লাগিব৷জ্ঞান আহৰণ কৰিব লাগিব৷সমাজকৰ্মী বনদীপ দত্তই আঁত ধৰা সভাত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ভাষণত কয়-সাম্প্ৰতিক সময়ত দেশ-ৰাজ্যত পোহৰলৈ অহা বিভিন্ন বিয়াগোম কেলেংকাৰি দুৰ্নীতিৰ ক্ষেত্ৰত চলা তদন্তসমূহৰ লেহেমীয়া গতি আৰু ভেঁকো- ভাওনালৈ ৰূপান্তৰিত হোৱা স্থিতিটোকো লেখকে দাঙি ধৰিছে৷ৰাজনৈতিক সামাজিক ঘটনাপ্ৰৱাহ আৰু ইছুসমূহৰ ক্ষেত্ৰত নাথৰ প্ৰাঞ্জল নিৰীক্ষণে লেখাবোৰৰ মাজেৰে তেওঁৰ চিন্তা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিব পাৰিছে৷প্ৰকাশক চৈয়দ পাৰভিজ হুছেইনে আদৰণি ভাষণ দিয়া অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বিশিষ্ট কবি সনন্ত তাঁতিৰ মৃত্যুত শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷সভাত লেখক পদ্মলোচন নাথে ভাষণত কয়- বৰ্তমান শাসক সকলৰ বিৰুদ্ধে লেখাটো বিপদজনক৷সকলো সময়ত সকলো মানুহক মূৰ্খ সজাব নোৱাৰে৷মানুহে মানুহক ফাঁকি দিব পাৰে কিন্তু ইতিহাসক ফাঁকি দিব নোৱাৰে৷চিত্ৰশিল্পী ত্ৰিদীপ দত্তই শলাগৰ শৰাই আগবঢ়ায়৷