পথভ্রষ্ট- টিউলিপ ভূঞা

Pc- Istock

পথভ্রষ্ট

পনিয়লী আকাশখন আজি কলীয়া ডাৱৰে ঢাকি ধৰিছে |
নিশাচৰ চৰাইৰ বিকট চিঞৰে ৰাতিটো জয়াল কৰি তুলিছে |
দপ্ দপ্ কৈ জ্বলি উঠা জুইকুৰা ,
আৰ্তনাদ আৰু কোলাহলৰ সংমিশ্রণত বিগলিত হৈছে |
আৰম্ভ হৈছে
আমাৰ উশৃংখল জীৱন যাত্রাৰ এলানি ধুমুহা |
আজিৰ প্রতিযোগিতাত কোন আগবাঢ়িব?
হত্যা ধৰ্ষণ নে লুন্ঠন ?
আমি এতিয়া সকলোৱে একো একোটা প্রেতাত্মা |
দিন আৰু ৰাতিয়ে
এতিয়া হেৰুৱাইছে সিহঁতৰ মৰ্য্যদা |
আতংকৰ শিহৰণত
সিহঁতে গোপনে কান্দিছে |
আই!তুমি ক’ত ?
এধানি দিয়া ঠাই
তোমাৰ হৃদয়ত |
গোপনে ৰাখিছোঁ
আমাৰ প্রতিশ্রুতিবোৰ
উৱলি যোৱা
তোমালোকৰ শতচ্ছিন্ন পৃষ্ঠা বোৰত ||

টিউলিপ ভূঞা
বঢ়মপুৰ