পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

pc Facebook

  পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত গুৱাহাটী মহানগৰ জিলা দিছপুৰ মণ্ডলৰ ৯১টা বুথ কমিটীৰ দ্বাৰা আয়োজিত যুগদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দলৰ মাননীয় উপ-সভাপতি শ্ৰীতপন কুমাৰ গগৈ, মাননীয় সাধাৰণ সম্পাদকত্ৰয় ক্ৰমে শ্ৰীপল্লৱ লোচন দাস, শ্ৰীদীপ্লু ৰঞ্জন শৰ্মা, শ্ৰীপুলক গোহাঁই, বুথৰ মাননীয় সভাপতি শ্ৰীমতী বীণা দেৱী আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে মহান নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই পৱিত্ৰ অনুষ্ঠানটিত অংশ লৈ দীনদয়াল উপাধ্যায়দেৱৰ মানৱতাবাদ আৰু সাংস্কৃতিক জাতীয়তাবাদৰ আদৰ্শ অনুসৰণ কৰি দেশমাতৃৰ সেৱাত নিজকে উৎসৰ্গিত কৰাৰ হকে সংকল্পবদ্ধ হওঁ বুলি প্ৰকাশ  কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনাই।